ষ্টাফ ৰিপ’ৰ্টাৰ,গুৱাহাটী : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি) ৰ তথ্য হৰলুকি আৰু টেম্পাৰিং সন্দৰ্ভত তদন্ত কৰিব এন আৰ চি সঞ্চালকালয়ে৷ এই তদন্ত প্ৰক্ৰিয়াত এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত এন আৰ চি প্ৰকল্পৰ প্ৰাক্তন প্ৰবন্ধক এজুপি বৰুৱাকো সামৰি ল’ব ৷
এন আৰ চি সঞ্চালকালয়ৰ এক শীৰ্ষ সূত্ৰই আজি এই কথা সদৰী কৰি জনোৱা মতে এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত গৃহ ৰাজ্য মধ্য প্ৰদেশলৈ বদলি হৈ যোৱাৰ পাছতে এন আৰ চিৰ প্ৰকল্প প্ৰৱন্ধক হিচাপে কৰ্মৰত জু-ৰোড নিবাসী এজুপি বৰুৱাই ২০১৯ ৰ ১১ নৱেম্বৰত চাকৰিৰ পৰা অব্যাহতি লয় ৷কিন্তু আশ্চৰ্য্যজনক ভাৱে প্ৰাক্তন প্ৰকল্প প্ৰবন্ধক গৰাকীয়ে এন আৰ চি সঞ্চালকালয়ৰ ই মেইল আই ডি epm.nrc.assam@gmail.com আৰু pm.spmunrc@gov.inৰ গোপন “পাছৱৰ্ড”দুটা এন আৰ চিৰ সঞ্চালকালয়ক অৱগত কৰাৰ পৰা বিৰত থাকে ৷
ইয়াৰ পৰিপ্ৰেক্ষিততে এন আৰ চি সঞ্চালকালয়ে প্ৰাক্তন প্ৰকল্প প্ৰবন্ধকগৰাকীৰে “পাছৱৰ্ড” বিচাৰি যোগাযোগ স্থাপন কৰে। কিন্তু বিভিন্ন অজুহাত দেখুৱাই “পাছৱৰ্ড” হস্তান্তৰ কৰাৰে পৰা হাজেলাৰ ঘনিষ্ঠ হিছাপে পৰিচিত বৰুৱাই বিৰত থাকে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এন আৰ চিৰ গোপন তথ্য হৰলুকি হোৱাৰ লগতে টেম্পাৰিং হোৱাৰ সন্দেহত সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে নিৰীক্ষণৰ স্বাৰ্থত শীৰ্ঘ্ৰেই আভ্যন্তৰীণ তদন্ত ঘোষণাৰ বাবে এন আৰ চি সঞ্চালকালয়ে যো-জা চলোৱা বুলি সূত্ৰটোৱে জনায়।