সাধাৰণতে মডেল শব্দটো শুনিলেই আমাৰ মনত ভাহিঁ উঠে শ্লীম সুন্দৰ শৰীৰীৰে লাহি পাহি এগৰাকী যুৱতী ৷কিন্তু এইবাৰ মেদ বহুল শৰীৰেৰে মডেলিং কৰি প্লাছ চাইজ যুৱতীসকলৰ কাৰণে প্ৰেৰণাৰ উৎস হৈ পৰিছে মাৰ্কিন মডেলিং জগতৰ এটি চিনাকি নাম টেছ হলিডে। গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা টেছ হলিডেৰ শৰীৰৰ ওজন ১৩৮ কিলোগ্ৰাম ৷সম্প্ৰতি ১৩৮ কিলোগ্ৰাম শৰীৰেৰে মডেলিঙৰ গ্লেমাৰ জগতত দপদপাবলৈ সক্ষম হৈছে টেছ হলিডে ৷ ইফালে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই টেছৰ শৰীৰৰ ওজন বৃদ্ধি পাইছিল লগতে টেছৰ শৰীৰৰ ৰং আছিল হালধীয়া ৷যাৰ কাৰণে সহপাঠীৰ পৰা ঠাট্টা মস্কৰা শুনিব লগীয়া হৈছিল টেছ হলীডেই ৷একাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰি টেছে শিক্ষা সমাপ্ত কৰি মডেলিঙৰ কাম বিচাৰিবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু সকলোৱে তেওঁৰ বিশাল চেহেৰাক কটাক্ষ কৰি প্ৰত্যাখ্যান কৰিছিল। টেছে পিছে হাৰ নামানি সংগ্ৰাম অব্যাহত ৰাখে আৰু এদিন তেওঁ ‘প্লাছ চাইজ’ মডেল হিচাপে কাম লাভ কৰে। ইয়াৰ পিছতে টিভি ধাৰাবাহিক ‘হেভী’ত অভিনয় কৰে আৰু তেওঁ টেলিভিছনৰ জনপ্ৰিয় তাৰকাত পৰিণত হয়। ২০১৫ ত নিক হলিদেৰ সতে বিবাহ পাশত আৱদ্ধ হোৱা টেছে কয় যে শৰীৰৰ ওজন কেতিয়াও সফলতা অৰ্জনৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।
শৰীৰৰ ওজন ১৩৮ কিলো, তথাপিও এই মহিলা আমেৰিকাৰ জনপ্ৰিয় মডেল
-
By publisher

ADVERTISEMENT
- Categories: Daily, Entertainment, Fashion, News
Related Content
ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
By
publisher
May 14, 2025
ড্র'ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’!
By
publisher
May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
By
publisher
May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
By
publisher
May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
By
publisher
May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স'তে বাৰ্তালাপ
By
publisher
May 14, 2025