গুৱাহাটী,২২ মাৰ্চঃ ন’ভেল কৰ’না ভাইৰাছৰ বাবে সম্প্ৰতি সমগ্ৰ অসমতে আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷দেশত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ সৰ্বত্ৰে সম্প্ৰতি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই গুৱাহাটী মহানগৰীৰ উপৰি ৰাজ্যৰ বিভিন্ন গাঁও চহৰৰ মানুহে অনাহকত বাহিৰত থকাৰ পৰিৱৰ্তে নিজগৃহতে সময় কটাইছে ৷ ফলত বিভিন্ন স্থানত এতিয়া বন্ধসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। বিদ্যালয়,মহাবিদ্যালয় আদি বন্ধ হৈ পৰাৰ লগতে নানা বিভাগৰ তৰফৰ পৰা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷উল্লেখ্যযোগ্য যে অসমত এতিয়ালৈকে কোনো লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা নাই। অৱশ্যে বিভিন্ন স্থানৰ লোক আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে ৷ইয়াকে কেন্দ্ৰ কৰি সম্প্ৰতি অসমত আতংকৰ সৃষ্টি হৈছে ৷বিশেষকৈ বহিঃৰাজ্যত কৰ্মৰত তথা বিদেশ ভ্ৰমণ কৰি উভতি অহা একাংশ লোকৰ বাবে মানুহৰ মনত আতংক বৃদ্ধি পাইছে ৷ইয়াৰে কিছু সংখ্যক লোকে সন্দেহৰ আৱৰ্তত থকা সত্ত্বেও স্বাস্থ্য পৰীক্ষা নকৰাই মুকলিমূৰীয়াকৈ ঘূৰি ফুৰাৰ বাবেও মানুহ আতংকিত হোৱাৰ অভিযোগ উঠিছে ৷ইয়াৰ সমান্তৰালকৈ নানা উৰাবাতৰিয়েও সাধাৰণ লোকক বিভ্ৰান্ত কৰাৰ তথ্য পোৱা গৈছে ৷আনকি উৰা বাতৰি বিয়পোৱাৰ অভিযোগত শিৱসাগৰত এজন যুৱকক আটক কৰা হয় ৷
ৰাজ্যত কৰ’না আক্ৰান্তৰ সন্দেহত বহু লোকক পৰ্যবেক্ষণত,শংকা বৃদ্ধি
-
By publisher

ADVERTISEMENT
- Categories: News
- Tags: Corona Virus
Related Content
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে 'অপাৰেচন সিন্দূৰ'
By
publisher
May 11, 2025
'ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু...'! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
By
publisher
May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
By
publisher
May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025