ৱাশ্বিংটন,২২ মাৰ্চঃ গ্ৰীষ্মৰ আগমণ ঘটিলে কৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাব ৷বিগত সময়ছোৱাত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সন্দৰ্ভত এনে এক ধাৰণা ছ’চিয়েল মিডিয়াৰ মাধ্যমৰ বহুলভাৱে প্ৰচাৰিত হৈ আহিছে ৷এইবাৰ স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও একে সুৰতে ক’লে যে গ্ৰীষ্মৰ আগমণ ঘটিলে কৰ’নাৰ সংক্ৰমণ হ্ৰাস পাব ৷গৰমত এই ধৰণৰ ভাইৰাছৰ মৃত্যু হয় ৷ট্ৰাম্পে কৰ’না সংক্ৰমণৰ সন্দৰ্ভত এইদৰে মন্তব্য প্ৰকাশ কৰিলে ৷যোৱা ডিচেম্বৰৰ শেষৰ ফালে চীনত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণ চলিত মাৰ্চত উত্তৰ গোলাৰ্ধৰ দেশসমূহত যথেষ্ট বৃদ্ধি পাইছে। উল্লেখ্য যে এইসমূহ দেশত এতিয়া গ্ৰীষ্মকাল আৰম্ভ হৈছে ৷কিন্তু গ্ৰীষ্মৰ আগমণৰ পিছতো উত্তৰ গোলাৰ্ধৰ দেশসমূহত কৰ’নাৰ সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি পাইছে ৷সেয়েহে প্ৰশ্ন উত্থাপন হৈছে সচাঁকৈয়ে তাপমাত্ৰাৰ বৃদ্ধি হ্ৰাসৰ সৈতে কৰ’না সংক্ৰমণৰ কিবা সম্পৰ্ক আছেনে? এই সন্দৰ্ভত বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সৈতে গ্ৰীষ্মৰ সম্পৰ্কৰ কোনো তথ্য এতিয়ালৈকে নিশ্চিত হোৱা নাই ৷অৱশ্যে শীতকালৰ তুলনাত গ্ৰীষ্মত ফ্লু বা ইনফ্লুয়েঞ্জাৰ দৰে সংক্ৰামক ৰোগৰ প্ৰাদূৰ্ভাৱ হ্ৰাস পায়। চিকিৎসক বিশেষজ্ঞসকলৰ মতে ঋতু পৰিৱৰ্তনৰ লগে লগে ভাইৰাছৰ সক্ৰিয়তা হ্ৰাস পায় আৰু মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাও পৰিৱৰ্তন হয় ।সেয়েহে গ্ৰীষ্ম কালত ৰোগৰ প্ৰকোপ হ্ৰাস পাব বুলি সাধাৰণ লোকে বিশ্বাস কৰে। কিন্তু এনে বিশ্বাসৰ কোনো বৈজ্ঞানিক ভিত্তি এতিয়ালৈকে নিশ্চিত হোৱা নাই ৷