অগ্ৰদূত বাৰ্তা,২৩ মাৰ্চঃ চৌদিশে কৰ’নাৰ আতংকৰ মাজতে আজি বিহপুৰীয়াত দেখা গ’ল সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন ৷ এগৰাকী হিন্দু মহিলাৰ শৱ দেহ হিন্দু পৰম্পৰা অনুসৰিয়েই সৎকাৰ কৰিলে মুছলমান সমাজে ৷ বিহপুৰীয়াৰ ১ নং ৱাৰ্ডত যোৱা নিশা ৱাৰ্ডৰ ৰেনুমাই ফুকন নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ মৃত্যু হয় ।দুই পুত্ৰসহ বাস কৰা বৃদ্ধা গৰাকীৰ মৃতদেহ সৎকাৰৰ বাবে ওচৰত কোনো হিন্দু লোক নথকাত সদৌ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক তথা বিহপুৰীয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ হৰেণ চুতীয়াৰ লগতে আগবাঢ়ি আহিল অঞ্চলটোৰ মুছলমান সমাজ ৷মুছলমান সমাজৰ মাজত বাস কৰা হিন্দু পৰিয়ালটিক উদ্ধাৰৰ বাবে আগবাঢ়ি অহা ৰাইজে কেইগৰাকীমান হিন্দু লোকৰ সহযোগত সম্পূৰ্ণ হিন্দু পৰম্পৰাৰে মহিলা গৰাকীৰ মৃতদেহ সৎকাৰ কৰে ।উল্লেখ্য যে কৰ’না ভাইৰাছৰ আতংকত ৰাইজ গৃহবন্দী হৈ থকা সময়তে মহিলা গৰাকীৰ শৱ দাহ কৰাক লৈ তীব্ৰ সমস্যাৰ সৃষ্টি হৈছিল ৷ঠিক তেনে সময়তে স্থানীয় মুছলমান ৰাইজে দেখুৱালে সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন ৷
কৰ’না আতংকঃ বিহপুৰীয়াত হিন্দু মহিলাৰ শৱ দাহ কৰিলে মুছলমান সমাজে
-
By publisher

ADVERTISEMENT
- Categories: News
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025