গুৱাহাটী,২৩ মাৰ্চঃ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ কাৰণে অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত ৷ সোমবাৰৰ বিয়লি ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈকে অসমত হ’ব সম্পূৰ্ণ তলা বন্ধ(লক ডাউন) ৷লগতে এই লক ডাউন বা তলা বন্ধৰ সময়ত যদি কোনো ব্যক্তি ঘৰৰ পৰা বাহিৰত ওলাই তেন্তে ৬ মাহ পৰ্যন্ত কাৰাদণ্ড হ’ব ৷ ইফালে জনগণৰ সুবিধাৰ্থে বিশেষভাৱে জৰুৰীকালীন বস্তুসমূহ উপলব্ধ হ’ব পৰাকৈ খোলা থাকিব দোকান ৷জনগণৰ সুবিধাৰ কাৰণে গেলামালৰ দোকান, ফাৰ্মাচি,পে’ট্ৰল পাম্প,বিদ্যু,পানী যোগান ব্যৱস্থা,এল পি সেৱাসমূহ খোলা থাকিব ৷ লগতে মাছ মাংস,বজাৰ আদি বন্ধ থাকিব। ইফালে মন্দিৰ,নামঘৰত আৰু মছজিদৰত প্ৰাৰ্থনা,নামাজ পঢ়াত প্ৰতিবন্ধকতা আৰোপ কৰিছে চৰকাৰে ৷তিনি জনতকৈ অধিক লোকে মন্দিৰ মছজিদত সোমাব নোৱাৰিব ৷লগতে অসমৰ সকলো সীমান্ত ছীল কৰা হৈছে ৷ ব্যক্তিগত সকলো বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে ৷ আনহাতে ভাৰতত প্ৰতি দিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই পৰ্যন্ত ভাৰতত ৪৬৮ জন লোক আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত । মৃত্যু হৈছে নজন ৷ আনহাতে কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ১৯২ খন দেশ৷ গতিকে জনসমাগমৰ পৰা জনতাক আঁতৰাই ৰাখিবলৈকে সম্পূৰ্ণ তলাবন্ধৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷