আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উত্তৰ কোৰিয়াৰ শাসক কীম জং উনলৈ এখন ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰি আমেৰিকা-উত্তৰ কোৰিয়াৰ সম্পর্ক উন্নীত কৰাৰ আৰু বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা মহামাৰীৰ বিৰুদ্ধে সংগ্ৰামত সহযোগিতা আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়ে। উল্লেখ্য যে উত্তৰ কোৰিয়াই কালি সামৰিক অস্ত্ৰৰ এক পৰীক্ষণ সম্পন্ন কৰিছিল আৰু ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে পত্ৰৰ জৰিয়তে কীমৰ সৈতে যোগাযোগ কৰে। কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সীয়ে প্ৰকাশ কৰা বাতৰি অনুসৰি পত্ৰ প্ৰেৰণ কৰাৰ বাবে ট্ৰাম্পলৈ উত্তৰ কোৰিয়াৰ শাসকজনে ধন্যবাদ জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ আগত কীমৰ ভগ্নীয়ে আজি প্ৰকাশ কৰা মতে, উক্ত পত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে উভয় দেশৰ সম্পর্ক শক্তিশালী কৰিবলৈ গ্ৰহণ কৰা পৰিকল্পনাৰ কথা ব্যক্ত কৰাৰ লগতে বিশ্বজুৰি মহামাৰীৰ বিৰুদ্ধে যুঁজত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। অৱশ্যে কীমলৈ পত্ৰ প্ৰেৰণৰ সন্দৰ্ভত হোৱাইট হাউছে আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই । ইফালে, আমেৰিকাৰ উপৰাষ্ট্ৰপতি মাইক পেন্স আৰু তেওঁৰ পত্নীয়ে কৰ’না সংক্ৰমণৰ শংকাত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে যদিও দুয়োৰে শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল। উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ এজন সদস্যৰ শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ ফলত পেন্স আৰু তেওঁৰ পত্নীয়ে নিজৰ ৰক্ত পৰীক্ষা কৰাইছিল।