কৰ’না ভাইৰাছত আক্ৰান্ত ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছ

images 1 1

 

গুৱাহাটী,২৫ মাৰ্চঃ এইবাৰ মহামাৰী কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে গ্ৰেইট ব্ৰিটেইনৰ ৭১ বছৰীয়া ৰাজকুমাৰ চাৰ্লছ ৷ ৰাজকুমাৰ চাৰ্লছ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে যদিও বৰ্তমান তেওঁৰ শৰীৰ সুস্থ বুলি জনাইছে চিকিৎসকে ৷ ইয়াৰ বিপৰীতে ৰাজকুমাৰ চাৰ্লছৰ পত্নী কেমিলাৰ শৰীৰত কৰ’না ভাইৰাছৰ কোনো অৱস্থিতি এতিয়ালৈকে পোৱা নাই চিকিৎসকে। ইফালে কিছুদিন পূৰ্বে চাল্সে মোনেকোৰ ৰাজকুমাৰ এলবাৰ্টক লগ ধৰিছিল। অৱশ্যে পিছত ৰাজকুমাৰ এলবাৰ্ট কৰ’না ভাইৰাচত আক্ৰান্ত হয়। আনহাতে ব্ৰিটেইনত এতিয়ালৈকে কৰ’না ভাইৰাছত প্ৰায় ৪০০ জন লোকৰ মৃত্যু হৈছে ৷ আক্ৰান্ত হৈছে ৮,০৭৭ জন ।উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি সমগ্ৰ দেশত তলাবন্ধ ঘোষণা কৰা হৈছে। ইতিমধ্যে ভাৰতত প্ৰায় ৫৬২ জন লোক আক্ৰান্ত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ১০ জনৰ ৷ গতিকে অনাগত দিনত কৰ’না ভাইৰাছে যাতে আৰু অধিক সংহাৰী ৰূপ ধাৰণ নকৰে ৷তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত ২১ দিনৰ কাৰণে তলাবন্ধৰ নিৰ্দেশ দিছে ৷

Exit mobile version