ইউৰোপত এতিয়াও কৰ’না ভাইৰাছৰ ভয়াবহতা হ্রাস পোৱা নাই। এইবাৰ ইয়াৰ নতুনকৈ কেন্দ্ৰবিন্দু হৈ পৰিছে আমেৰিকা। বিশ্বজুৰি আক্ৰান্ত আৰু মৃতকৰ পৰিসংখ্যা প্ৰকাশ কৰি বিশ্ব স্বাস্থ্য সংস্থাই কয়,’বিগত ২৪ ঘণ্টাত ইউৰোপ-আমেৰিকাত নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ভিতৰত ৪০ শতাংশই আমেৰিকাৰ’। সংস্থাটোৰ শেহতীয়া পৰিসংখ্যাই ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ উদ্বেগ বৃদ্ধি কৰিছে। জেনেভাৰ ‘হু’ৰ মুখপাত্ৰ মাৰ্গাৰেট হেৰিছে কয় যে আমেৰিকাত সংক্ৰমনৰ হাৰ ব্যাপক ভাৱে বৃদ্ধি পাইছে। এই মুহূৰ্তলৈকে কৰ’নাত আক্রান্তৰ সংখ্যা 81,321 আৰু মৃতকৰ সংখ্যা ১০৪৫ । ইয়াৰ ভিতৰত অধিক আক্ৰান্ত হৈছে নিউয়ৰ্ক, নিউ জাৰ্ছি,কেলিফৰ্ণিয়া আৰু ৱাশ্বিঙতনৰ দৰে প্ৰদেশ। নিউয়ৰ্কত আক্ৰান্তৰ সংখ্যা আন সকলো প্ৰদেশৰ তুলনাত পাঁচগুণ অধিক বুলি বিশেষজ্ঞ সকলে তথ্য প্ৰকাশ কৰে। মাৰ্কিন জনতাৰ ৪৩ শতাংশ গৃহবন্দী হৈ আছে। অৱশ্যে একে সময়তে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে একাংশ প্ৰদেশত তলাবন্ধ ঘোষণা কৰি সতৰ্কতাও অৱলম্বন কৰা হৈছে। ইয়াৰোপৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খাদ্যসামগ্ৰী সহ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান স্বাভাৱিক কৰি ৰখাৰ সকলো চেষ্টা অব্যাহত ৰাখিম বুলি কৈ বাসিন্দাসকলক ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনায়। |