জনসাধৰণৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি আজি পাচলি আৰু মাছ মাংসৰ বজাৰসমূহ খুলিবলৈ নিৰ্দেশ দিছিল যদিও পুৱাৰে পৰা বজাৰত দেখা দিয়া গ্ৰাহকৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হোৱাত পুনৰ বন্ধ কৰাৰ সিদ্ধান্ত লয় প্ৰশাসনে। যিসময়ত কৰ’না ভাইৰাছৰ সংক্ৰমনৰ প্ৰতিৰোধৰ বাবে নিৰ্ধাৰিত এক নিৰ্দিষ্ট সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল সেইসময়তে মহানগৰীৰ কিছু স্থানত একাংশ গ্ৰাহকে দোকানৰ সন্মুখত জুম বান্ধি বস্তু ক্ৰয় কৰা পৰিলক্ষিত হয়। পাচলিৰ বজাৰত হোৱা এনে অভাৱনীয় ভিৰৰ পৰিস্থিতিয়ে বৰ্তমান এক সংকটময় পৰিৱেশৰ সৃষ্টি কৰিছে। তলাবন্ধৰ যোৱা দুটা দিন কিছু নিয়ন্ত্ৰণত থকাৰ পিছতে আজি মহানগৰীৰ বজাৰত সৃষ্টি হোৱা অশৃংখলতাৰ ফলত জনসাধাৰণৰ মাজত কৰ’নাৰ আশংকা বৃদ্ধি পোৱাটো স্বাভাৱিক। সেয়ে এই পৰিস্থিতিৰ পিছতে আজি কামৰূপ জিলা প্ৰশাসনে পুনৰ বজাৰসমূহ তৎমুহূৰ্ততে বন্ধ কৰাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।