দেশত ন লাখ কোটিৰ ক্ষতিৰ শংকা

corona impact economy 660 090320042616

কৰ’না ভাইৰাছৰ স’তৈ যুঁজত ভাৰতে ভয়াৱহ আৰ্থিক মূল্য ভৰিব লাগিব বুলি ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ইংগিত দিয়াৰ পিছতে এই সম্পৰ্কত গভীৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। বিশেষজ্ঞসকলৰ মতে তলাবন্ধ পৰিস্থিতিৰ ফলত দেশত বিত্তীয় বৰ্ষত প্ৰায় ন লাখ কোটি টকাৰ আৰ্থিক ক্ষতিৰ আশংকা আছে ৷ এই পৰিমাণ মুঠ ঘৰুৱা উৎপাদনৰ চাৰি শতাংশ। এনে ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা বাবে অৰ্থনৈতিক পকেজ ঘোষণাৰ সপক্ষে মতপোষণ কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে ৷তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২১ দিনৰ তলাবন্ধৰ সময়ছোৱাত আৰ্থিক ক্ষতিৰ পৰিমাণ ৬.৫০ লাখ কোটি টকাৰ অধিক হ’ব ৷ইয়াৰ ফলত ৰাজহ ঘাটিৰ পৰিমাণ নিয়ন্ত্ৰণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ৷সাম্প্ৰতিক পৰিস্থিতিত ৰিজাৰ্ভ বেংকে সুতৰ হাৰ বৃহৎ পৰিমাণে হ্ৰাস কৰিব বুলি কোৱা হৈছে ৷এপ্ৰিলত ৰিজাৰ্ভ বেংকে ০.৬৫ শতাংশ সুতৰ হাৰ হ্ৰাস কৰিব বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে ৷তদুপৰি চলিত বিত্তীয় বৰ্ষত এক শতাংশ পুনৰ সুতৰ হাৰ হ্ৰাস কৰিব ৷ব্ৰিটিছ অৰ্থনৈতিক সংস্থা বাৰ্কলেই কয় যে এই পৰিস্থিতিত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ সম্ভাৱনা ১.৭ শতাংশ হ্ৰাস হৈ ৩.৫ শতাংশ হ’ব পাৰে ৷ভাৰতত অৰ্থনীতি ইতিমধ্যে দুৰ্বল পৰিস্থিতিৰ মাজত আছে। কৰ’নাৰ সংক্ৰমণে ইয়াক অধিক আশংকাৰ দিশলৈ ঠেলি দিলে ৷

 

Exit mobile version