প্ৰসংগ কৰ’না ভাইৰাছঃ তলাবন্ধৰ সময়ত কেন্দ্ৰৰ বিশেষ পেকেজ প্ৰসংগ কৰ’না ভাইৰাছঃ তলাবন্ধৰ সময়ত কেন্দ্ৰৰ বিশেষ পেকেজ

nirmala sitharaman budget 660 130320112804 260320123554

 

দেশত ন’ভেল কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬৪৯ জনলৈ বৃদ্ধি পাইছে। এই সময়তে প্ৰায় ১লাখ ৭০ হাজাৰ কোটি টকাৰ বিশেষ সাহায্য ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ লগতে প্ৰধানমন্ত্ৰী জন কল্যাণ প্ৰকল্পৰ আওতাত ৮০ কোটি মানুহক প্ৰতিমাহে বিনামূলীয়াকৈ পাঁচ কেজি চাউল অথবা গম প্ৰদান কৰিব ৷লগতে অতিৰিক্ত ১ কেজি দাইলো  প্ৰদান কৰা হ’ব ৷দিল্লীত সাংবাদিকৰ সৈতে হোৱা সংবাদমেলত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু অনুৰাগ ঠাকুৰে ৷ দেশৰ কোনো যাতে ভোকত থাকিব নালাগে তাৰ কাৰণে বিত্ত মন্ত্ৰীৰ এই পদক্ষেপ ৷ ইফালে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৰ’না ভাইৰাছৰ সময়ত দেশত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীৰ কাৰণে কিছুমান পদক্ষেপ হাতত লৈছে ৷তাৰ ভিতৰত

 

কৰ’না ভাইৰাছৰ আতংকৰ সময়তে ইপিএফ আইন সংশোধন কৰাৰ প্ৰস্তুত কৰিছে চৰকাৰে । ইয়াৰ দ্বাৰা লকডাউনৰ সময়ত ছোৱাত  কৰ্মচাৰীক ৭৫ শতাংশ বেতন প্ৰদান কৰিব লাগিব ৷

 

প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ ১ কেজি ডাইলৰ যোগান ৷ইয়াৰ দ্বাৰা দেশৰ ৮০ কোটি লোক উপকৃত হ’ব ৷

 

কৰ’নাৰ ৰোগীক চিকিৎসাত ব্যস্ত ২০ লাখ চিকিৎসাকৰ্মীৰ বাবে ৫০ লাখ টকাৰ জীৱন বীমা ৷

 

দেশৰ কৃষকসকলৰ একাউণ্টত জমা কৰা হ’ব ২০০০ টকা ৷দেশৰ ৮ কোটি ৭০ লাখ কৃষকক ৩ মাহৰ বাবে লাভ কৰিব এই ধন।

 

৮ কোটি মহিলাই উজ্জ্বলা আঁচনিৰ জৰিয়তে পৰা বিনামূলীয়া ৰন্ধন গেছ ৷লগতে জনধন আঁচনিৰ অধীনত মাহিলী ৫০০ টকাকৈ পাব ৷

 

মনৰেগা আঁচনিৰ শ্ৰমিকৰ পাৰিশ্ৰমিক ১৮২ টকাৰ পৰা ২০২ টকালৈ বৃদ্ধি ৷

 

গাঁৱৰ মহিলা গোটসমূহ ২০ লাখ পৰ্যন্ত ঋণ প্ৰদান ৷কিন্তু প্ৰথম পৰ্যায়ত গোটসমূহক ১০ লাখকৈ ঋণ প্ৰদান কৰা হ’ব ৷

Exit mobile version