বিশ্বজুৰি অব্যাহত থকা কৰ’না ভাইৰাছৰ ত্ৰাসে অসমকো স্পৰ্শ কৰিলে। এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হ’লে স্বাস্থ্যবিধি পালন আৰু সতৰ্কতা অৱলম্বনৰ বিকল্প নাই। কৰ’নাৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ হ’লে বৰ্তমানৰ সময়ত ঘৰতে আৱদ্ধ থাকিবলৈ পৰামৰ্শ দিছে স্বাস্থ্য বিশেষজ্ঞই। চৰকাৰেও ইতিমধ্যে কাৰ্যালয় সমূহত ভিৰ কমাবলৈ কৰ্মচাৰীৰ উপস্থিতৰ ক্ষেত্ৰত নিয়ম বান্ধি দিছে। কিন্তু এনে কিছুমান কৰ্মক্ষেত্ৰ আছে, য’ত নিয়োজিত কৰ্মীসকলে কৰ’নাৰ সংক্ৰমনৰ সম্ভাৱনাকো নেওচি কামত ব্যস্ত থাকিবলৈ বাধ্য। আপুনিও যদি কৰ্মক্ষেত্ৰলৈ যাবলৈ বাধ্য, তেন্তে কৰ্মক্ষেত্ৰত কৰ’নাৰ সংক্ৰমনৰ পৰা নিজক সুৰক্ষিত ৰাখিবলৈ তলৰ স্বাস্থ্যবিধি মানি চলক-
- কাৰ্যালয়ত প্ৰৱেশৰ পূৰ্বে পোনতে অভ্যৰ্থনা কেন্দ্ৰতে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি হাত দুখন বীজাণু মুক্ত কৰি লওঁক। কাৰ্যালয়ত যদি এই ব্যৱস্থা কৰা নাই, তেন্তে আপুনি নিজৰ লগত এটা হেণ্ড চেনিটাইজাৰ লৈ যাওক আৰু কাৰ্যালয়ত সোমোৱাৰ পূৰ্বে হাতত ব্যৱহাৰ কৰক।
- কাৰ্যালয়ত প্ৰথমে নিজৰ ডেক্সখন নিজে পৰিষ্কাৰ কৰি লওক। আপোনাৰ কাৰ্যালয়ৰ কোনো ব্যক্তি বা কাৰ্যালয়লৈ অহা বাহিৰৰ ব্যক্তি নিজৰ অজ্ঞাতে কৰ’নাত আক্রান্ত হ’ব পাৰে আৰু এনে ব্যক্তিয়ে আপোনাৰ ডেক্সখন স্পৰ্শ কৰিলে তাত কৰ’না ভাইৰাছ সক্ৰিয় হৈ থাকিব । সেয়ে প্ৰথমে ক্লিন জেলৰে এখন টিছু পেপাৰেৰে ডেক্সখন চাফা কৰি লওক।
- অফিচত কোনো সহকৰ্মীৰ চৰ্দি-কাঁহ হ’লে, তেনে ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা নিজক আঁতৰাই ৰাখক। কাঁহ-চৰ্দি, হাঁচি মৰা ব্যক্তিৰ পৰা কমেও তিনি ফুট আতঁৰত থাকিব আৰু পৰাপক্ষত চার্জিকেল মাস্ক পৰিধান কৰক।
- কৰ্মক্ষেত্ৰত আন ব্যক্তিয়ে দিয়া ফাইল, কাগজপত্ৰ সামগ্ৰী আদি স্পৰ্শ কৰিব লগা হ’লে কাম সম্পন্ন কৰিয়ে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰক। চিঠিপত্ৰ, পাৰ্চেল, বাহিৰৰ পৰা আন সামগ্ৰী আদি গ্ৰহণ কৰাৰ পিছতো লগে লগে চাবোনেৰে হাত ধোৱা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী।
- কর্মক্ষেত্ৰত কোনো ব্যক্তিৰ সতে কৰমৰ্দন নকৰিব।পৰাপক্ষত সহকৰ্মীৰ সতে এক মিটাৰৰ দূৰত্ব বজাই ৰাখক।
- পৰাপক্ষত ঘৰতে খাদ্য তৈয়াৰ কৰি টিফিন লৈ যাওঁক। কেণ্টিনলৈ গ’লেও আন ব্যক্তিৰ পৰা নিৰ্দিষ্ট ব্যৱধান ৰাখিহে খাদ্য গ্ৰহণ কৰিব।
- কর্মক্ষেত্ৰত টয়লেট ব্যৱহাৰৰ ক্ষেত্ৰতো সাৱধান হওঁক।টয়লেটৰ হেণ্ডেল লক্ হাতেৰে স্পৰ্শ কৰাৰ পিছত হাত ধুবলৈ নাপাহৰিব। হাতত টিছু পেপাৰ লৈ হেণ্ডেল লক্ স্পৰ্শ কৰক। কাৰ্যালয়ত কোনো অচিনাকি কৰ’না আক্রান্ত ব্যক্তি থাকিলে টয়লেট ৰূমৰ হেণ্ডেল লক আদিৰ জৰিয়তে এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে।
- কাৰ্যালয়লৈ সদায় পৰিষ্কাৰ পোছাক পিন্ধি যাওক আৰু উক্ত পোছাক এবাৰ পৰিধান কৰাৰ পিছত ঘৰলৈ আহি ধুই দিয়ক। মাস্ক, ৰুমাল সদায় ব্যৱহাৰ কৰক।