ন’ভেল কৰ’না ভাইৰাছত সম্প্ৰতি সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছে ৷ কৰ’নাৰ আতংকৰ কাৰণে সম্প্ৰতি দেশৰ সকলো লোক গৃহবন্দী ৷সাম্প্ৰতিক সময়ত অতীতত এনে দৃশ্য কোনোবাই দেখিছিল নে নাই সেয়াও স্মৰণ কৰিব পৰা নাই ৷প্ৰতিক্ষণতে মৃত্যুভয়ে ছাঁৰ দৰে মনত লাগি থকাৰ ফলত এতিয়া সমগ্ৰ পৃথিৱীখনেই যেন শামুকৰ খোলাৰ ভিতৰত সোমাই পৰিছে ।কিয়নো এই সময়ত কৰ’না ৰোধৰ বাবেও এয়াই একমাত্ৰ ঔষধ ৰূপে বিবেচিত হৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পাছতে সমগ্ৰ দেশ তলাবন্ধ হৈ পৰিছে ৷অৰ্থাৎ দেশৰ প্ৰায় ১৩০ কোটি মানুহ এই মুহুৰ্তত গৃহবন্দী অৱস্থাত আছে ৷জৰুৰী তথা অত্যাৱশ্যকীয় সেৱাসমূহৰ বাহিৰে দেশবাসীক পথলৈ ওলাই নিষেধ কৰা হৈছে ৷ভাৰতত তলাবন্ধ ঘোষণা কৰাৰ লগে লগে প্ৰায় এক তৃতীয়াংশ লোক গৃহবন্দী হৈ পৰা বুলি বিশেষজ্ঞসকলে দাবী কৰিছে ৷ সমগ্ৰ বিশ্বতে প্ৰায় ১৮ হেজাৰৰ অধিক লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৷কিছুদিন পূৰ্বে ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে আমেৰিকাই জয়ী হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৷অথচ এতিয়া যুক্তৰাষ্ট্ৰৰ প্ৰায় সকলোবোৰ ৰাজ্যৰ অৱস্থা তথৈবচ হৈ পৰিছে। তলাবন্ধৰ দৰে অৱস্থা নিউয়ৰ্ক,কেলিফৰ্ণিয়া আৰু ফ্ল’ৰিডাত । কেলিফৰ্ণিয়াত এই পৰ্যন্ত প্ৰায় এহেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে । মৃত্যু হৈছে ১৯ জনৰ ৷নিউয়ৰ্কত সাত হাজাৰৰো অধিক লোক কৰ’নাৰ গ্ৰাসত পৰিছে। ইয়াৰ ভিতৰত ইটালীত এই পৰ্যন্ত ছহেজাৰ অধিক লোকৰ মৃত্যু হৈছে ৷ আনকি এদিনতে সৰ্বাধিক ৬২৭ জনে প্ৰাণ হেৰুৱাইছিল ৷ সমগ্ৰ বিশ্বৰ ৩৬ শতাংশ লোকৰ ইটালীতে মৃত্যু হৈছে ৷ অৱশ্যে কৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীন এই ভাইৰাছক দূৰলৈ পঠিয়াবলৈ সক্ষম হৈছে ।আনহাতে ইতিমধ্যে দেশখনক আক্ৰমণ কৰিছে আন এক ভাইৰাছ হান্টাই ৷ফলত এতিয়াও দেশখনৰ জনতাই স্বস্তিৰ নিশ্বাস পেলাব পৰা নাই ।আনহাতে ইটালী আৰু ভাৰতৰ দৰে ফান্স আৰু স্পেইনো সম্প্ৰতি তলাবন্ধৰ আওতাত আছে ৷কৰ’নাৰ আতংকৰ পৰা ৰক্ষা পোৱা নাই আফ্ৰিকা মহাদেশেও। কংগো,বুৰকিনা ফাছ’ আদি আফ্ৰিকান দেশত ইতিমধ্যে কৰ’নাত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হৈছে ৷ইৰাণতো মৃত্যু হৈছে প্ৰায় দুহেজাৰ লোকৰ ৷ নিজৰ সীমা বন্ধ কৰিছে কিউবা আৰু বলিভিয়াই ৷ব্ৰাজিলতো ইতিমধ্যে প্ৰায় দুহেজাৰ লোক আক্ৰান্ত হৈছে ৷৩০ ৰ অধিক লোকৰ মৃত্যুও হৈছে ।গতিকে মৃত্যু যজ্ঞৰ বিস্তাৰ ঘটিছে সমগ্ৰ বিশ্বত ।চৰম আতংকৰ মাজেৰে দিন অতিবাহিত কৰিছে জনসাধাৰণে ৷সকলো মিলাই কৰ’নাৰ সন্মুখত প্ৰায় নিৰুপায় হৈ পৰিছে সমগ্ৰ বিশ্ব ৷