ৰাজ্যৰ লক ডাউনৰ সময়ত বজাৰত অভাৱনীয় ভিৰ । এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে লৈছে পুনৰ নতুন সিদ্ধান্ত।
■গেলা-মালৰ দোকান আৰু পানী যোগান বাদ দি অন্য সকলো বজাৰ চৰকাৰৰ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বন্ধ থাকিব।
■গেলা মালৰ দোকানত এতিয়াৰে পৰা উপলব্ধ থাকিব পাচলিকে ধৰি ফলমূল, কণী, আদা-নহৰু,পানী ইত্যাদি।
■প্ৰত্যেক জিলাৰ উপায়ুক্তই শাক পাচলি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগানৰ বাবে সকলো ঠাইতে মোবাইল ভানৰ ব্যৱস্থা কৰিছে।
■সকলো মাছ মাংসৰ বজাৰ ৩১ মাৰ্চ পৰ্যন্ত বন্ধ থাকিব।
■ গেলা মালৰ দোকান সমূহ খোলাৰ সঠিক সময় জিলা প্ৰশাসনৰ দ্বাৰা নিৰ্ধাৰিত হ’ব।
■পূৰ্বে ঘোষিত নিৰ্দেশ অনুসৰি সকলো নাগৰিকক নিৰ্ধাৰিত এক নিৰ্দিষ্ট সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ পুনৰবাৰ আহ্বান জনায়। নীতি অমান্যকাৰীসকলক ভাৰতীয় দণ্ড বিধিৰ ১৮৮ নং ধাৰাৰ অধীনত দণ্ডিত কৰা হ’ব।
ADVERTISEMENT