*তাপমাত্ৰা বৃদ্ধিয়েই কৰ’নাৰ একমাত্ৰ মৰণাস্ত্ৰ* 

images 4

 

 

শত দুশ্চিন্তাৰ মাজতো কৰ’না ভাইৰাছৰ সংক্ৰমনক লৈ কিছু আশাৰ পোহৰ দেখা পাইছে একাংশ বিজ্ঞানীয়ে। তাপমাত্ৰা বৃদ্ধি পালে কৰ’না ভাইৰাছৰ সক্ৰিয়তা লাহে লাহে কমিব, এই আশাৰ পৰা এতিয়াও এইসকল বিজ্ঞানী আঁতৰি আহিব পৰা নাই। কিছুদিনৰ পূর্বে এই ধাৰণাক একাংশই নস্যাৎ কৰিছিল যদিও সাম্প্ৰতিক বাস্তৱ চিত্ৰখনে এইসকল বিজ্ঞানীক পুনৰ উৎসাহিত কৰি তুলিছে। বিশেষকৈ পশ্চিমবংগত বুধবাৰৰ পৰিস্থিতিয়ে ৰাজ্যখনৰ একাংশ বিজ্ঞানীক আশাৰ পোহৰ দেখুৱাইছে।

উল্লেখ্য যে পশ্চিমবংগত বুধবাৰে তাপমাত্ৰা আছিল প্ৰায় ৩৫ ডিগ্ৰী ছেন্টিগ্ৰেড। দিনটোত নতুনকৈ কোনো লোকৰ শৰীৰত ক’ভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰা নাছিল।একেবাৰে গভীৰ নিশাহে ৰাজ্যখনত এজন লোকৰ স্বাস্থ্য পৰীক্ষা ‘পজিটিভ’ হয়। দিল্লী আৰু ৰাজস্থানতো একেই পৰিস্থিতি। এই তিনি স্থানৰ কৰ’নাৰ ছবিখনে নতুনকৈ আশাৰ সৃষ্টি কৰিছে। চীনৰ ওহানৰ ৫-৬ ডিগ্ৰীৰ পৰা আৰম্ভ কৰি ইটালীৰ ৩-৪ ডিগ্ৰী বা আমেৰিকাৰ ১০-১৫ ডিগ্ৰীত কৰ’না ভাইৰাছে যিমান সংক্ৰমন ঘটোৱা দেখা গৈছে যে ভাৰতৰ ২০-২৫ ডিগ্ৰীত এই জীৱাণুৱে সিমান আক্ৰমণাত্মক হৈ উঠিব পৰা নাই। তৃতীয় সপ্তাহত ইটালী বা চীনত যিমান সংখ্যক মানুহৰ কৰ’না পজিটিভ হৈছিল তাৰ তুলনাত ভাৰতত সেই সংখ্যা অনেক কম। এই সন্দৰ্ভত পৰিৱেশ বিজ্ঞানী অৰ্ক চৌধুৰীয়ে ভাইৰ’লজিষ্ট, বেক্টেৰিঅ’লজিষ্টসকলৰ সতে হোৱা বাৰ্তালাপৰ পিছত কয় যে, তাপমাত্ৰা আৰু অলপ বৃদ্ধি পালে ক’ভিড-১৯ ৰ সক্ৰিয়তা হ্ৰাস পাব। ৪০-৪২ ডিগ্ৰী তাপমাত্ৰাত এই ভাইৰাছ হয়তো সম্পূৰ্ণৰূপে মৰি যাব।অৱশ্যে এটা কথা ঠিক যে এই নতুন জীৱাণুৰ অভিযোজন ক্ষমতা অধিক। যিকোনো পৰিৱেশত এতিয়াও নিজক অভিযোজিত কৰি আছে। অন্তত এই পৰ্যন্ত সেয়াই দেখা গৈছে। যুক্তিৰূপে পৰিৱেশবিদজনে লগতে কয়, দিল্লীত নিশাৰ দিশে তাপমাত্ৰা এতিয়াও বৰ কম, ঠাণ্ডাৰ ভাবো আছে। সেয়ে এতিয়াও সংক্ৰমন বিয়পি আছে। তামিলনাডুৰ কিছু অংশতো একেই পৰিবেশ। তুলনাত ৰাজস্থান আৰু পশ্চিমবংগৰ তাপমাত্ৰা সম্প্ৰতি ঊৰ্দ্ধমুখী। ফলত তাপমাত্ৰাৰ ওচৰতে এই ভাইৰাছ কাহিল হ’ব পাৰে বুলি কিছু আশা দেখা পোৱা গৈছে।

অন্যহাতে, হঠাৎ এই ভাইৰাছৰ সংক্ৰমনৰ অন্তৰালত গোলকীয় উষ্ণতাৰ কোনো প্ৰভাৱ থকাৰ সম্ভাৱনীয়তাও পৰিৱেশবিদ সকলে উলাই কৰিব পৰা নাই। এই সন্দৰ্ভত পৰিৱেশবিজ্ঞানী চৌধুৰীয়ে কয়, ‘২০ বছৰৰ আগৰে পৰাই মেৰু অঞ্চলৰ বৰফ গলিবলৈ আৰম্ভ কৰিছে। তাৰ পিছৰে পৰা সেই স্থানত প্ৰচুৰ পৰিমাণে প্ৰাণীৰ জীৱাশ্ম দেখা পোৱা গৈছে, বৰফৰ মাজত থকাৰ বাবেই সেইবোৰৰ শৰীৰ তেতিয়ালৈকে পচিবলৈ আৰম্ভ কৰা নাছিল। এনে জীৱাশ্মক কোৱা হয় ফ্ৰ’জেন ফচিল বা হিমায়িত জীৱাশ্ম।সেইবোৰ প্ৰাণীদেহৰ পৰাই ইমান দিনৰ পাছত হয়তো এই ভাইৰাছসমূহ সক্ৰিয় হৈ উঠাৰ ফলত এই সংক্ৰমণ ঘটিছে।’

Exit mobile version