নগাঁও জিলাৰ বিভিন্ন স্থানৰ কৃষকৰ হাহাকাৰ *খেতিপথাৰতে নষ্ট হ’ব ধৰিছে শাক পাছলি

nagaon

                                                                  nagaon2

নগাঁও,২৮ মাৰ্চঃ নগাঁও জিলাৰ বিভিন্ন অঞ্চলত কৰ’না ভাইৰাছৰ আতংকৰ বাবে অভুতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত কৃষি পথাৰত শাক পাছলি গেলি পছি যোৱাৰ উপক্ৰম হৈছে ।আজি কেইবাদিনো ধৰি কৃষকে নিজৰ খেতি পথাৰৰ পৰা চিঙিব পৰা নাই বিলাহী,বেঙেনা,তিয়হ,কেৰেলা,লেচেৰা,পটল,স্কোৱাছ,পানী লাও,ৰঙালাও,তৰমুজকে ধৰি বিভিন্ন শাক পাচলি ৷উল্লেখযোগ্য যে জিলাখনৰ অন্যান্য কৃষকৰ লগতে বানপীড়িত এলেকাৰ কৃষকে বৃহৎ পৰিমাণৰ মাটিত এইবাৰ কৰিব ৰবি শস্য ।বানপীড়িত এলেকাৰ কৃষকসকলে শালি ধানৰ খেতি কৰিব নোৱাৰাৰ পিছত কৰিছিল শাকপাচলিৰ খেতি ।আহাৰ,শাওণ,ভাদ মাহত হোৱা বানপানীৰ বাবে জিলাখনৰ বানপীড়িত এলেকাৰ কৃষকে শালি ধানৰ ভুই ৰুব নোৱাৰে। ইফালে পথাৰত পানী শুকুৱাৰ পিছত বানপীড়িত এলেকাৰ কৃষকে আৰম্ভ কৰে লাও,জিকা,পতল,বেঙেনা,স্কোৱাছ,তৰমুজ আদিৰ খেতি ৷ পাচলি চিঙি বিক্ৰী কৰাৰ সময়তে কৰ’না ভাইৰাছৰ আতংকৰ বাবে শাক পাছলিৰ বজাৰসমূহ বন্ধ হৈ পৰাত কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে ।গতিকে কৰ’না  ত্ৰাসৰ সমান্তৰালকৈ সম্প্ৰতি কৃষক সকলৰ বাৰুকৈয়ে এক সমস্যাৰ সন্মুখীন হৈছে ৷জিলাখনৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানলৈ শাক পাচলি সৰবৰাহ কৰা ৰাঙলু,সোনাইবালী,শিৱস্থান,চুলুংকে ধৰি পাইকাৰী বজাৰসমূহ বন্ধ হৈ পৰাত কৃষকসকলৰ লগতে এই শাক পাছলি ব্যৱসায়ৰ লগত জৰিতসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে ৷ উল্লেখ্য যে একাংশ কৃষকে বেংক বা আনৰ পৰা সুদত টকা ধাৰলৈ লৈ এই শাক পাচলিৰ খেতি কৰিছে ৷ এতিয়া লক ডাউনৰ সময়ত শাক পাছলিৰ বজাৰ বন্ধ হৈ পৰাত ঋণ পৰিশোধ কৰাত সমস্যাৰ সন্মুখীন হৈছে খেতিয়কসকল। এই চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছে কৃষকসকলে।

Exit mobile version