প্ৰব্ৰজিত শ্ৰমিকৰ ওভতনি যাত্ৰাক লৈ আন এক জটিল সমস্যাৰ সৃষ্টি* 

spray 1585572377 1

ৰাস্তাৰ ওপৰতে তলমূৰ কৰি বহি থকা এদল মানুহৰ ওপৰত নিৰ্বিচাৰে বীজাণুনাশক স্প্ৰে কৰা হৈছে। পিঠিৰ পৰা মোনা পৰ্যন্ত নমাই থোৱাৰ সুযোগকণো তেওঁলোকে লাভ কৰা নাই। যিসকল স্বাস্থ্যকৰ্মীয়ে বীজাণুনাশক স্প্ৰে কৰিছে তেওঁলোকৰ পিন্ধনত মূৰৰ পৰা ভৰিলৈকে ঢাক খোৱাকৈ পোছাক। ইয়াৰ বিপৰীতে পিন্ধি থকা পোছাকৰ বাহিৰে মাটিত বহি থকা মানুহবোৰৰ শৰীৰত সুৰক্ষাৰ কোনো আৱৰণ নাছিল।

বীজাণুনাশকত তিতি-বুৰি থকা মানুহবোৰে মুখখন বচাবলৈ ৰুমালেৰে ঢাকি লোৱাৰ বিপৰীতে আকৌ আনকোনোবাই হাতেৰে শিশুবোৰৰ চকুবোৰ ঢাকিবলৈ চেষ্টা কৰিছে, যাতে চকুৰ ভিতৰত প্ৰৱেশ নকৰে বীজাণুনাশক। কৰ’না ভাইৰাছৰ আতংকত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰবজনকাৰী শ্ৰমিকসকলে নিজ গৃহাভিমুখী হ’বলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ সময়তে ছ’ছিয়েল মিডিয়াৰ জৰিয়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰৰ এনে কাণ্ড কাৰখানা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

সম্প্ৰতি বেৰেলীৰ এটি তালাচী চকীৰ কাষত সংঘটিত হোৱা এই ঘটনাৰ পিছত উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে বিভিন্নজনে অমানৱবীয় আচৰণৰ অভিযোগ উত্থাপন কৰিছে। ঘৰলৈ উভতা শ্রমিকসকলক বীজাণুমুক্ত কৰিবলৈ এনে পদক্ষেপ লোৱা হৈছে বুলি চাফাই যাবলৈ চেষ্টা কৰিলেও সমালোচনাৰ পৰা হাতসাৰিব পৰা নাই যোগী চৰকাৰে।

 

Exit mobile version