শিঙিমাৰী আদর্শ চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

SONAPUR HIMANTA

বিশ্বব্যাপী মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ ত্ৰাসৰ মাজতে আজি কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ দামপুৰৰ ৰাজু আলীৰ শৰীৰ ক’ভিড ১৯ত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছিল ৷এই সময়তে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ সকলো নিৰীক্ষণ কৰি সদৰি কৰে যে অসমত এতিয়ালৈকে এজনো ব্যক্তি কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা নাই ।লগতে কৰ’নাত আক্ৰান্ত বুলি সন্দেহ কৰা ৰাজু আলী আৰু শ্বাহৰূখ খান কোৱাৰিন্টাইতহে আছে বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই ৷

ইপিনে চিকিৎসকৰ সমান্তৰালকৈ আশা কৰ্মীসকলো বৰ্তমান ৰাজ্যত সক্ৰিয়ভাৱে কাম কৰি আছে। চৰকাৰে যুদ্ধকালীন প্ৰস্তুতিৰে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ কাৰণে সাজু হৈছে ।লগতে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ দুখন চিকিৎসালয়,ডিব্ৰুগড়,শিলচৰ মেডিকেল কলেজৰ ওপৰিও সোনাপুৰ আৰু শিঙিমাৰী চিকিৎসালয় কৰ’নাৰ চিকিৎসাৰ কাৰণে সাজু কৰিছে বুলি সদৰি কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

আগন্তুক ২এপ্ৰিলৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজৰ আই চি অ’ত পূৰ্বৰ ৩৩ খন বিচনাৰ লগত অতিৰিক্ত ৫০ খন,মহেন্দ্ৰ মোহন হাস্পতালত পূৰ্বৰ ১২খন,ডিব্ৰুগড়ত ১৩ খনৰ লগতে শিলচৰতো বিচনা সাজু কৰা হৈছে। তদুপৰি সৰু সজাইত অস্থায়ীভাৱে নিৰ্মাণ কৰা হাস্পতালত ৭০০ জন ব্যক্তিক কোৱান্টেইনত চৰকাৰীভাৱে ৰাখিব পাৰিব বুলি সংবাদমাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ।

আনহাতে মন্ত্ৰী ড° শৰ্মাই সোমবাৰে মহানগৰীৰ সোনাপুৰ জিলা চিকিৎসালয়ো পৰিদৰ্শন কৰে ৷চিকিৎসালয়খন পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড ১৯ ৰোগীৰ বাবে সোনাপুৰ জিলা চিকিৎসালয়ত ইতিমধ্যে ১৫০খন বিচনা সাজু কৰা হৈছে ৷এসপ্তাহৰ ভিতৰত ১৬ টা আই চি ইউৰ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই ৷ইফালে স্বাস্থ্যকৰ্মীসকলক কভি’ড ১৯ ৰ সম্পৰ্কত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা গ্ৰহণ কৰা হৈছে। তদুপৰি ক’ভিড ১৯ ৰোগীক যিসকল চিকিৎসক আৰু  নাৰ্চে চিকিৎসা প্ৰদান কৰিব তেওঁলোকে প্ৰথমে সাত দিন চিকিৎসা প্ৰদান কৰাৰ অন্তত ১৪ দিন সামাজিক দূৰত্বত ৰখা হ’ব ৷আৰু ১৫ দিন স্বাস্থ্য পৰীক্ষাৰ অন্ততহে পুনৰ সাত দিন চিকিৎসা প্ৰদান কৰিব পাৰিব বুলিও মন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে।

Exit mobile version