কৰ’না ৰোধৰ বাবে কঠোৰ আইন ছিংগাপুৰত

SINGAPORE

কৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ বিশ্বই সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছে ৷ কাৰণ এই ভাইৰাছ সংক্ৰামক হোৱাৰ বাবে এজন লোকে যদি আন এজনৰ সংস্পৰ্শলৈ আহে তেতিয়াই পাইকাৰী হাৰত সংক্ৰমণ বাঢ়িব পাৰে । বিশ্ব গা  স্বাস্থ্য সংস্থাৰ মতে এজনে সিজনৰ পৰা কমেও এক মিটাৰ বা তিনি ফুটৰ দুৰত্ব বজাই ৰাখিব লাগিব। অৱশ্যে ভাৰতকে ধৰি বিভিন্ন দেশৰ নাগৰিকে চৰকাৰীভাৱে দিয়া নিৰ্দেশাৱলী অমান্য কৰাৰো অভিযোগ উঠিছে ৷ এনে সময়তে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিল ছিংগাপুৰ চৰকাৰ ৷

ADVERTISEMENT

এটা আন্তৰ্জাতিক সংবাদ সংস্থাই জনোৱা মতে ছিংগাৰপুৰে নিজৰ নাগৰিকসকলক এই ক্ষেত্ৰত বাধ্য  কৰাৰ সিদ্ধান্ত লৈছে। কোনো লোকে যদি সচেতনভাৱে কাৰোবাৰ কাষেৰে পাৰ হৈ যাওঁতে গা ঘহাঁই যায় বা গাত গা লগাই থিয় হয়। তেন্তে তেনে লোকৰ ছমাহৰ কাৰাদণ্ড আৰু জৰিমনা হ’ব। শুকুৰবাৰে দক্ষিণ পূৱ এছিয়াৰ নগৰৰাষ্ট্ৰখনে এই ঘোষণা কৰে ৷ ইতিমধ্যে দেশখনৰ পানশালা আৰু চিত্ৰগৃহ বন্ধ কৰা হৈছে। নতুন নিয়ম ভংগ কৰি যদি কোনোবাই সচেতনভাৱে আন কাৰোবাৰ গাত গা লগাই থিয় হয় বা পাৰ হৈ যায় ৷ তেনেহ’লে তেওঁৰ ছমাহৰ কাৰাদণ্ডৰ উপৰি সাত হেজাৰ মাৰ্কিন ডলাৰ জৰিমনা হ’ব ৷

Exit mobile version