খাৰিফ শস্যৰ বাবে কৃষকক সহায় কৰিমঃ কৃষিমন্ত্ৰী অতুল বৰা

ATUL BORA

তলাবন্ধৰ ফলত ৰাজ্যৰ কৃষিখণ্ড ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে বুলি আজি মন্তব্য কৰে বিভাগীয় মন্ত্ৰী অতুল বৰাই ৷ এক সংবাদমেলত মন্ত্ৰী অতুল বৰাই কয় যে সাম্প্ৰতিক পৰিস্থিতিত স্বাস্থ্যখণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ৷ গতিকে স্বাভাৱিকভাৱে অন্যান্য খণ্ডবোৰত প্ৰভাৱ পৰিছে ৷ মানুহৰ স্বাস্থ্যহে আগত বুলি উল্লেখ কৰি বৰাই কয় তাৰ মাজতো কৃষিখণ্ডক সকাহ দিয়াৰ চেষ্টা চলিছে ৷ ধেমাজিকে ধৰি দুই এখন জিলাৰ পথাৰত শস্যত পোক পৰুৱাৰ উপদ্ৰৱ বৃদ্ধি পাইছে ৷ তাক নিয়ন্ত্ৰণৰ বাবে জিলা কৃষি বিষয়াসকলৰ হাতত মজুত থকা কমেও দুশ লিটাৰ কীটনাশক দৰৱ এই সমস্যা দূৰীকৰণত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । এনেধৰণৰ সমস্যাৰ মোকাবিলাৰ ক্ষেত্ৰত যদি কীটনাশক দৰবৰো অভাৱ হয় তেন্তে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ সহায় ল’বলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে ৷

আনহাতে ৰাজ্যত উৎপাদিত পাচলিৰ বৃহৎ অংশ পথাৰতে পচিবলৈ ধৰা সন্দৰ্ভতো কৃষিমন্ত্ৰীজনে মন্তব্য কৰে ৷ তেওঁ কয় যে এইবাৰ বতৰৰ পাচলি ব্যাপক হাৰত উৎপাদন হৈছিল ৷ কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে পাচলিসমূহ বিক্ৰী কৰিব নোৱাৰাৰ কাৰণে পথাৰতে নষ্ট হৈছে ৷ সেই কাৰণে উপায়ুক্তৰ লগত আলোচনা কৰি কৃষি বিভাগক অনুমোদিত বাহনেৰে পাচলিবোৰ বিক্ৰী কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ এই সম্পৰ্কত মন্ত্ৰী বৰাই কয় পাচলি নষ্ট হৈছে বুলি মই জানো। কিন্তু আমাৰ উপায় নাই। কৃষকসকলক খাৰিফ শস্যৰ বাবে আমি সহায় কৰিম ৷

পশুপালন আৰু পশু চিকিৎসা বিভাগৰো মন্ত্ৰী বৰাই মন্তব্য কৰে যে তলাবন্ধৰ ফলত পশুপালকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ তেনে অসুবিধা দূৰীকৰণৰ বাবে খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ত এটি নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ’ব ৷ সমান্তৰালভাৱে পশুখাদ্য আৰু পশু স্বাস্থ্য ৰক্ষাৰ বাবেও বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ পশু খাদ্যৰ সন্দৰ্ভত মন্ত্ৰী বৰাই কয় যে ৫০ শতাংশ পশুখাদ্য অসমত উৎপাদন হয় ৷ ৫০ শতাংশ আমদানি হয় বহিঃৰাজ্যৰ পৰা ৷ পশুখাদ্য কঢ়িয়াই অনা বহু ট্ৰাক শ্ৰীৰামপুৰত আৱদ্ধ হৈ আছে। এনে ট্ৰাকবোৰ কাইলৈৰ পৰা অসমত প্ৰৱেশ কৰিব পাৰিব ৷

আনহাতে কাইলৈৰ পৰা কৃষকসকলেও পথাৰত কৃষিকাৰ্য কৰিব পাৰিব বুলি উল্লেখ কৰি মন্ত্ৰীজনে কৃষকসকলক  স্বাস্থ্য বিধি অৱলম্বন কৰিহে কাম কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় অসমত ৪০ লাখ কৃষক পৰিয়াল আছে ৷ প্ৰতিটো পৰিয়ালৰ পৰা দুজনকৈ মানুহ পথাৰলৈ ওলালেও ৮০ লাখ লোক ওলাব ৷ এই সংখ্যা কম নহয় ৷ গতিকে কৃষক ৰাইজক কৰ’না ভাইৰাছক সংক্ৰমণ প্ৰতিৰোধৰ স্বাস্থ্য বিধিবোৰ অৱলম্বন কৰি কাম কৰিবলৈ আহ্বান জনায় কৃষিমন্ত্ৰী অতুল বৰাই ৷

 

Exit mobile version