বিপৰ্যয়ৰ ইংগিত!ৰাজ্যত আক্ৰান্ত ১৭ জন

assam coronavirus first positi

অসমলৈ বিপৰ্যয়ৰ ইংগিত বহন কৰি মৃত্যুদূতৰূপী কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তলোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে। দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগি জামাতত অংশগ্ৰহণ কৰি উভতি অহাৰ পাছত কৰ’না ভাইৰাছ দ্বাৰা প্ৰথমজন ব্যক্তি কালি আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত হোৱাৰ পাছত নতুনকৈ মহিলাসহ ১৬ জন লোক কভিড’১৯ ৰ দ্বাৰা আক্ৰান্ত হয়। আগন্তুক দিনত দেশত কৰ’না ভাইৰাছৰ সংখ্যা অত্যাধিক বৃদ্ধি পোৱাৰ সম্ভৎ আছে। দিল্লীৰ নিজামুদ্দিনস্থিত মছজিদত অনুষ্ঠিত তবলিগি জামাতত অংশ লৈ অসমলৈ উভতি অহাসকলৰ ভিতৰত এই পৰ্যন্ত ১৬ জন আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰী ড° শৰ্মাই কয় কভি’ড ১৯ ৰ সংক্ৰমণৰ ঘটনা প্ৰবাহৰ ক্ষেত্ৰত অসমো এক সন্ধিক্ষণত উপস্থিত হৈছে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত দেশত প্ৰথমবাৰৰ বাবে ক’ভিড ১৯ ৰ আক্ৰান্ত হোৱা লোক চিনাক্ত কৰা হয় যদিও যোৱা ৩০ মাৰ্চ পৰ্যন্ত অসমত এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হোৱা লোকক চিনাক্ত কৰা হোৱা নাছিল ৷ কিন্তু বিগত ২৪ ঘন্টাত অসমত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে ৷অৱশ্যে আগন্তুক দিনত ইয়াৰ সংখ্যা বৃদ্ধি পোৱাতো নিশ্চিত ৷

এই সন্দৰ্ভত তেওঁ পুনৰ কয় যে যিসকল সম্প্ৰতি কৰ’না ভাইৰাছত আক্ৰান্ত। হৈছে সেইসকল দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগি জামাতত উপস্থিত আছিল ৷তবলিগি জামাতত অংশ লৈ দিল্লীৰ পৰা উভতি অহাসকলৰ দ্বাৰা কিমানজনলৈ কৰ’না ভাইৰাছ সংক্ৰমিত হৈছে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ।ইফালে চৰ্চিত তবলিগি জামাতত অংশ লোৱাৰ অসমৰ লোকসকলৰ ম’বাইল ফোন ট্ৰেকিঙৰ দ্বাৰা প্ৰস্তুত কৰা ৪৫৬ জন লোকৰ এখন তালিকা ইতিমধ্যে ভাৰত চৰকাৰে  প্ৰেৰণ কৰিছে ৷ ইয়াৰ পাছত ৯১ জন লোকে নিজাববীয়াকৈ ডায়েল ১০৪ ৰ ফোন কৰি উক্ত সময়ছোৱাত নিজামুদ্দিনৰ আশে পাশে থকা বুলি খবৰ দিয়ে ৷প্ৰাথমিক অনুসন্ধান অনুসৰি ৫৪৭ জন লোকৰ ভিতৰত ১৩৪ জনে তবলিগি জামাতত অংশ লোৱা নাছিল।

কিন্তু সেই ব্যক্তিসকল নিজামুদ্দিনৰ আশে পাশে আছিল ৷সেইকাৰণে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ৷ তবলিগি জামাতত অংশ লোকসকলৰ ৬৮ জন এতিয়াও অসমলৈ উভতি অহা নাই। ভাৰত চৰকাৰে প্ৰেৰণ কৰা তালিকা অনুসৰি যি ৫৪৭ জন লোকৰ নাম উপলব্ধ হৈছে সেইসকলৰ ১৩৪ জনক যদি বাদ দিয়া হয় তেন্তে ইয়াৰ সংখ্যা হ’ব ৪১৩ জন ৷এই ৪১৩ জনৰ ভিতৰত ৬৮  জন অসমলৈ উভতি অহা নাই ৷ অসমলৈ উভতি অহা ৩৪৫ জনৰ ভিতৰত ইতিমধ্যে ২৩০ জন লোকৰ অৱস্থিতি নিশ্চিত কৰা হৈছে ।

এই ২৩০ জনৰ ভিতৰত যোৱা নিশা পৰ্যন্ত ১৯৬ জন প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰা হৈছে ৷ বাকী কেইজনৰ নমুনা আজিৰ ভিতৰতে সংগ্ৰহ কৰা হ’ব ৷কিন্তু এই পৰ্যন্ত ১১৫ জন লোকৰ অৱস্থিতি ধৰা নাই ৷গতিকে এইসকল লোকে ক’ত কেনেদৰে ঘূৰি ফুৰিছে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য নাই ৷আনহাতে অসমত কৰ’না ভাইৰাছত আক্ৰান্তসকলৰ ভিতৰত আছে প্ৰথমজন হৈছে  ৫২ বছৰীয়া বদৰপুৰৰ মহম্মদ জামালুদ্দিন,নলবাৰীৰ ১৯ বচৰীয়ামহম্মদ আৰ্ছাদ আলী,জাগীৰোডৰ মহম্মদ হজৰত আলী(৬০),মহম্মদ নুৰুদ্দিন(৫৫),মহম্মদ জোনাব আলী(৪৬),গোলাঘাটৰ দেৰগাঁৱৰ দীঘলীপামৰ ৱাহিদা বেগম(৩২),আনোৱাৰ হুছেইন(৫৫),মৰঙীৰ এলিনা বেগম,আইদৰ আলী,মেৰাপানী ইছলামপুৰৰ জেচমিনা বেগম,চালেহা বেগম(৪৫),ইয়াকুব আলী(৫১) আৰু ৰুমা বেগম ৷কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লেও এওঁলোকেৰ স্বাস্থ্যৰ অৱনতি হোৱা নাই। ৰাজ্যৰ বাহিৰত আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত আছে নাছকৰ আলী(৭২).,ফাহাৰুদ্দিন (৪৮),বৰপেটাৰ মোস্তাফা আহমেদ(৬০),নগাঁৱৰ মহম্মদ আলী(৬৫) ৷ কেউজন তবলিগি জামাতত অংশ লোৱা ।

Exit mobile version