মহানগৰীত হিউমেণ কেয়াৰ চচাইটিৰ খাদ্য-হেণ্ডচেনিটাইজাৰ বিতৰণ

Hand Sanitizers Masks

লক ডাউনৰ সময়ত মহানুভৱতাৰ পৰিচয় দিছে হিউমেণ কেয়াৰ চচাইটিয়ে।বেচৰকাৰী সন্থাটোৱে মহানগৰীৰ ধীৰেণপাৰাত দৰিদ্ৰ জনতাক যোগান ধৰিছে খাদ্য সামগ্ৰী।অঞ্চলটো ৪০টা দৰিদ্ৰ পৰিয়ালক আজি সন্থাটোৱে খাদ্য বিতৰন কৰে।

ইয়াৰ উপৰিও মহামাৰী কৰ’না ভাইৰাচ সংক্ৰমন প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা লকডাউন মানি চলিবলৈ সকলোকে সচেতন কৰে।লগতে ঘনে-ঘনে হাত ধুই থকা আৰু মাস্ক পৰিধান কৰি থাকিবলৈ পৰিয়াল সমূহৰ মাজত সজাগতা বৃদ্ধি কৰে।

বেচৰকাৰী সন্থাটোৱে অঞ্চলটো পৰিয়াল সমূহৰ মাজত চাউল, আলু, দালি, হেণ্ড ছেনিটাইজাৰ যোগান ধৰে।

Exit mobile version