মুখত মাস্ক পৰিধান কৰি বিয়াত বহিল নৱ  দম্পতী

1584519853 XLt9fD covid19 weddings 1
এখন ব্যতিক্ৰমী বিবাহ ।এই বিবাহখন সম্পন্ন হ’ল মধ্যপ্ৰদেশৰ ইন্দোৰত ।বহু দিনৰ পৰা একমাত্ৰ কন্যাৰ বিবাহৰ বাবে বহু পৰিকল্পনা কৰিছিল ইন্দোৰৰ ব্যৱসায়ী অক্ষয় জৈনে ।কিন্তু সকলো পৰিকল্পনাত চেঁচাপানী পৰিল  ব্যৱসায়ী জনৰ ।কাৰণ ক’ৰনা ভাইৰাছৰ মাৰাত্মক সংক্ৰমণ ৰোধৰ তলাবন্ধ।তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অনুস্টুপীয়াকৈ একমাত্ৰ কন্যা কিঞ্জলৰ বিবাহ সম্পন্ন কৰিলে পিতৃয়ে।
এই বিবাহ অনুষ্ঠানত দৰা-কইনা উভয়ে  মুখত মাস্ক পৰিধান কৰে ।ক’ৰনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দৰা -কইনা উভয়ে ফুলৰ মালাৰ পৰিৱৰ্তে মুকুটাৰ মালা পিন্ধায়।এই বিয়া খনত দৰা -কইনা দুয়োৰে কেইগৰাকীমান আত্মীয় উপস্থিত হৈছিল আৰু সকলোৱে সামাজিক দূৰত্বৰ ব্যৱধান  ৰাখিয়েই উপস্থিত আছিল ।
Exit mobile version