দেশত সংক্ৰামিত হোৱা ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ হিচাপে দেশে ঘোষণা কৰা ল’কডাউনৰ মাজতে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা আৰু লাইন মাইম থিয়েটাৰৰ উদ্যোগত সকলোৰে বাবে লৈ আহিছে এক ব্যতিক্ৰমী প্ৰতিযোগিতা।
ক’ৰোণা ভাইৰাছ -কভিড-১৯ ওপৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ইয়াৰ ওপৰত ভিত্তি কৰি অনলাইন যোগে দুইধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে-পোষ্টাৰ বা বেনাৰ বনোৱা প্ৰতিযোগিতা আৰু মূকাভিনয় ভিডিঅ’ প্ৰতিযোগিতা। এই ভিডিঅ’ আৰু বেনাৰসমূহ হোৱাটচ্ এপ যোগে ১২এপিল,২০২০ নিশা ১১.৫৯ বজাৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
ভিডিঅ’ আৰু বেনাৰসমূহ লাইন মাইন ফেচবুক পেজত আপলোড কৰা হ’ব।উল্লেখযোগ্য যে অনলাইন যোগে মূকাভিনয় ভিডিঅ’ প্ৰতিযোগিতা দেশৰ ভিতৰতে হয়তো এয়াই প্ৰথম। ১৭এপিল,২০২০তাৰিখে শীৰ্ষ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী প্ৰতিযোগীক ঘোষণা কৰা হ’ব। যিকোনো ধৰণৰ প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব লগতে শীৰ্ষ তিনিগৰাকী বিজয়ী প্ৰতিযোগীক কটন বিশ্ববিদ্যালয় ছাত্র একতা সভা আৰু লাইন মাইম থিয়েটাৰৰ তৰফৰ পৰা মেডেল আৰু প্ৰমাণপত্ৰ দিয়া হ’ব।অধিক তথ্যৰ বাবে হোৱাটচ্ আপ নম্বৰ-৮৮৭৬২৫৫৬৬৬,৯৩৬৫৭৬৯২৫৫ আৰু ই-মেইল-Imtghy14@gmail.com ত যোগাযোগ কৰক l