মাছ মাৰিবলৈ গৈ গোৱালপাৰাৰ দাকাইদলত দুই কিশোৰৰ সলিল সমাধি

goalpara civil hospital
কৰ’না ভাইৰাছৰ আতংকৰ মাজতে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তর্গত দাকাইদল গাঁওৰ দুগৰাকীকৈ কিশোৰৰ আজি বিয়লী পানীত পৰি মৃত্য হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । ঘটনাক্ৰমে দাকাইদল গাঁওৰ জয়নাল আবেদিনৰ পুত্র মাহমুদ আলী(১৪) আৰু নজমুল সেখৰ পুত্ৰ জাহানুৰ ইছলামে (১১)  লগৰীয়াৰ সৈতে ঘৰৰ ওচৰতে থকা দুধনৈ- কৃষ্ণাই নদীত মাছ মাৰিবলৈ গৈছিল ।  মাছ ধৰিবলৈ  কিশোৰ দুগৰাকীয়ে পানীত ডুব দিয়ে যদিও বহু পৰলৈকে ওপৰলৈ উঠি নহাত লগৰীয়া সকলে পৰিয়ালৰ লোকক খবৰ দিয়ে । পিছত পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃত অৱস্থাত কিশোৰ দুগৰাকীৰ মৃতদেহ  উদ্ধাৰ কৰে । মৃত কিশোৰ দুগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰনৈ আৰক্ষীয়ে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে |
Exit mobile version