দিল্লীৰ মাৰ্কাজৰ পৰা আহি আত্মগোপন কৰাসকল দেশ আৰু জাতিৰ শত্ৰু

2018 12image 12 09 451820610nn ll
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অসমলৈ উভতি আহি আত্মগোপন কৰি থকা লোকসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে উজনি অসম মুছলিম কল্যাণ পৰিষদে। বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বড়া আৰু প্ৰধান সম্পাদক তথা প্ৰাক্তন ছাত্ৰনেতা অহিদুৰ জামান চৌধুৰীয়ে উল্লেখ কৰে যে সাম্প্ৰতিক সময়ত মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত ২৫ গৰাকী ব্যক্তিৰ ভিতৰত ২৪ গৰাকীয়েই মাৰ্কাজৰ পৰা অহাটো গভীৰ উদ্বেগজনক বিষয়। চিনাক্ত হোৱা ব্যক্তিসকলৰ বাদে দিল্লীৰ নিজামুদ্দিনৰ পৰা অহা বহু ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বিপৰীতে আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে ।
এখন সমাজক বিপদৰ মুখলৈ ঠেলি দিয়া এনে তবলিগী সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে অসম মুছলিম কল্যাণ পৰিষদে। অন্যহাতে, ৰাজ্যৰ যিকেইখন জিলাৰ পৰা তবলিগি জামাতত গৈছিল সেই অঞ্চলৰ সচেতন ৰাইজ, গাওঁবুঢ়া আৰু সংশিষ্ট মছজিদ জামাতৰ বিষয়ববীয়াসকলে এনে লোকক চিনাক্ত কৰি প্ৰশাসনক গতাই দিবলৈ অনুৰোধ জনাইছে উজনি অসম মুছলিম কল্যাণ পৰিষদে।
ইপিনে, চৰকাৰী নিৰ্দেশনাৰ পিছতো উজনি অসমৰ একাংশ মুছলিম অধ্যুষিত এলেকাত কিছু লোকে ঘৰতেই জামাতৰ দৰে একত্ৰিত হৈ সমূহীয়া নামাজ পঢ়াৰ অভিযোগ পোৱা বুলি উল্লেখ কৰিছে। এনে দুৰ্দিনৰ সময়ত সামাজিক দূৰত্ব অক্ষুন্ন ৰাখি সকলোকে ঘৰতেই এককভাৱে নামাজ পঢ়িবলৈ অনুৰোধ জনায়। তদুপৰি , নিজামুদ্দিন মাৰ্কাজৰ তবলিগিত অংশগ্ৰহণ কৰা লোকসকলক কেন্দ্ৰ কৰি এচাম লোকে সাম্প্ৰদায়িক মন্তব্য দিয়া কাৰ্যক গৰিহণা দি উজনি অসম কল্যাণ পৰিষদে সকলো পক্ষকে শান্তি-সম্প্ৰীতি অটুট ৰাখি কৰ’না ভাইৰাছৰ বিৰুদ্ধে সজাগ আৰু সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।
Exit mobile version