দিল্লী-আগ্ৰাৰ পাছত শ্বিলঙো ভ্ৰমণ কৰিছিল মণিষ তিব্ৰেৱালে

facebook 1586018814297

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯ ভাইৰাছত আক্ৰান্তৰ সংখ্যা | দেওবাৰ বিয়লি পৰ্যন্ত ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ২৬ জন | ইয়াৰে ২৫ জন কৰ’নাত আক্ৰান্ত লোক দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা আৰু অন্যজন ৰোগী হৈছে গুৱাহাটী মহানগৰীৰ | জামাতৰ লগত কোনো সম্পৰ্ক নথকা ৰাজ্যৰ একমাত্ৰ কৰ’না আক্ৰান্ত লোকজনে বসবাস কৰিছিল মহানগৰীৰ অভিজাত এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেনত | মণিষ তিব্ৰেৱাল নামৰ ব্যৱসায়ীজন কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত ফলাফল শুক্ৰবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰাৰ পাছতে মহানগৰীৰ লগতে গৃহ চহৰ নগাঁওত তীব্ৰ আতংক বিৰাজ কৰিছে | উল্লেখ্য যে তিব্ৰেৱালে নিজৰ দেহত কৰ’নাৰ উপস্থিত ধৰাৰ পৰাৰ পাছত সামাজিক মাধ্যমৰ জৰিয়তে নিজেই যোৱা দুটা সপ্তাহত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে চিকিৎসাৰ পৰামৰ্শ আৰু কোৱাৰেণ্টাইন কৰিবলৈ আহ্বান জনায় |

গুৱাহাটী মহানগৰীত ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী মণিষ তিব্ৰেৱালৰ লগত শনিবাৰে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত যোৱা দিনকেইটাৰ বিৱৰণ দাঙি ধৰি কয়, ‘মই দিল্লীৰ এখন ট্ৰেড ফেয়াৰত অংশ ল’বলৈ ২৭ ফেব্ৰুৱাৰীত দিল্লীলৈ ৰাওনা হৈছিলো | ট্ৰেড ফেয়াৰত অংশগ্ৰহণ কৰি ২৮ ফেব্ৰুৱাৰীত আগ্ৰালৈ গৈছিলো আৰু সন্ধিয়া তাজমহল চাই সেই নিশা আগ্ৰাতে কটালো | ২৯ ফেব্ৰুৱাৰীত সন্ধিয়া গুৱাহাটীলৈ উভতি আহিলো | মই পুনৰ ছয় নতুবা সাত মাৰ্চত শ্বিলঙলৈ গৈছিলো |

সেই সময়ত শ্বিলঙত ১৪৪ ধাৰা অব্যাহত থকাৰ বাবে ট্ৰেফিক নাছিল | যাৰ ফলত এজন ব্যক্তিৰ স’তে এক আলোচনাত মিলিত হৈ এক-দুই ঘন্টাৰ ভিতৰতে উভতি আহিলো |’ কৰ’নাত আক্ৰান্ত ব্যক্তিজনে নিজেই ‘এজমা’ বেমাৰত আক্ৰান্ত  বুলি উল্লেখ কৰি দিল্লীৰ যোৱাৰ সময়ত অসপ অসুস্থ আছিল যদিও সুস্থ হৈ উঠা বুলি কয় | পুনৰ ২৩ মাৰ্চত গা অলপ বেয়া লগাত ২৪ মাৰ্চত তাপমাত্ৰ জোখাত ৯০ ডিগ্ৰী আছিল বুলি কয় | ২৫ মাৰ্চৰ পৰা মই হোম কোৱাৰেন্টাইনত আছিলো | গা ভাল নোহোৱাত মই যোৱা বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ ভিত্তিত  ক’ভিড-১৯ৰ পৰীক্ষাৰ বাবে নমুনা প্ৰদান কৰাৰ পাছত শনিবাৰে আক্ৰান্ত  হোৱাৰ কথা নিশ্চিত হওঁ | এইদৰে বৰ্ণনা কৰে তিব্ৰেৱালে |

 আনহাতে,মণিষ তিব্ৰেৱালৰ গৃহ জিলা নগাঁও | যোৱা ১৭ মাৰ্চ পৰ্যন্ত নগাঁৱৰ পৰা মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ বিলাসী এপাৰ্টমেণ্টত থকা ব্যৱসায়ীজনৰ ফ্লেটলৈ অহা-যোৱা আছিল পৰিয়ালৰ লোকৰ | মণিষ তিব্ৰেৱাল কৰ’না ভাইৰাছত আক্ৰান্তৰ নিশ্চিত হোৱাৰ পাছতে জিলা প্ৰশাসনে পিতৃ-মাতৃ, ভাতৃ-বোৱাৰী, পাঁচ বছৰীয়া ভতিজা,  বনকৰা দুই মহিলা, গাড়ীচালক আৰু চালকৰ পিতৃ-ভ্ৰাতৃ সহ মুঠ ১১ জন লোকক কন্দলি আদৰ্শ চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছে | তেওঁলোকৰ ১১ জনৰে নমূনা সংগ্ৰহ কৰা হৈছে |

Exit mobile version