ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে বিগ বছ১১ ৰ এই দুই চেলীব্ৰেটীয়ে

pjimage 1559183931 1
অৱশেষত নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে বিগ বছ ১১ ৰ চৰ্চিত কপ’ল প্ৰিয়াংক শৰ্মা আৰু বিনাফচা চানাৱালাই। ছ’চিয়েল মিডিয়াত বিনাফচায়ে দুয়োৰে এখন ফ’টো শ্বেয়াৰ কৰি প্ৰিয়াংক শৰ্মাক উদ্দেশ্য কৰি লিখিছে “মোক তোমাতকৈ সুখত কোনেও ৰাখিব নোৱাৰে” ৷ইফালে বিনাফচাৰ দৰে প্ৰিয়াংকেও দুয়োৰে ইনষ্টাগ্ৰামত এখন ফ’টো শ্বেয়াৰ কৰিছে ৷
priyank sharma 1
সম্প্ৰতি বিনাফচা আৰু প্ৰিয়াংক শৰ্মাৰ প্ৰেমক ইতিমধ্যে বলীউড আৰু সৰু পৰ্দাৰ চেলীব্ৰেটীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আনহাতে কিছু দিনৰ আগতে বিনাফচা আৰু প্ৰিয়াংকৰ ব্ৰেকআপ হৈছিল যদিও পিছত সসলো ঠিক হৈ যায় ৷উল্লেখযোগ্য যে বিগ বচ১১ ত প্ৰিয়াংক আৰু বিনাফচাৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল ৷কিন্তু দুয়োৱে প্ৰথমতে ভাই ভনীৰ সম্পৰ্ক আৰু পিছত ভাল বন্ধু বুলি মন্তব্য কৰে ৷
ইফালে Splitsvilla 10ত প্ৰিয়াংকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল দিব্যা আগৰৱালাৰ ৷ কিন্তু পিছত দুয়োৰে সম্পৰ্কত ফাঁট মেলে ৷ যি কি নহওক বন্ধুৰ পৰা জীৱন সংগীলৈ ৰূপান্তৰ কৰিব বিচৰা প্ৰিয়াংক আৰু বিনাফচাৰ সম্পৰ্কক ভৱিষ্যতৰ কাৰণে শুভকামনা জনাইছে৷
Exit mobile version