আজি সোমবাৰ | ভাৰতীয় জনতা পাৰ্টিৰ ৪০তম ‘স্থাপনা দিৱস’ | সেই উপলক্ষে সমূহ কাৰ্যকর্তালৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই দিৱস উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাৰ্গদৰ্শক ড° শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, ‘ভাজপা পৰিয়ালে নিঃস্বাৰ্থ সেৱা আৰু সামূহিক শক্তিৰ বান্ধোনেৰে দেশক ঐক্যবদ্ধ কৰি ৰাখিছে। ‘ৰাষ্ট্ৰ সৰ্বোপৰি’- এই ভাবনাৰে যিকোনো সময় আৰু পৰিস্থিতিতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকর্তাসকলে জনতাৰ মংগলৰ বাবেই কাম কৰি আহিছে। ই কেৱল এটি ৰাজনৈতিক দল নহয়, ই এক অবিৰত চিন্তাধাৰা।’ তেওঁ লগতে কয় যে আদৰ্শ, নিষ্ঠা আৰু ৰাষ্ট্ৰভক্তিৰ ভাবনাৰে আই ভাৰতীক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিবলৈ আমি নিজৰ সৰ্বস্ব উজাৰি সততাৰে কৰ্তব্য পালন কৰি যাম। দলটোৰ প্ৰতিষ্ঠাপকসকলৰ মহান আদৰ্শই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত কঠোৰ পৰিশ্ৰম আৰু সমৰ্পিত মনোভাবেৰে কাম কৰি যাবলৈ আমাক সদায়েই উৎসাহিত কৰিব।
ভাৰতীয় জনতা পাৰ্টিৰ ৪০তম স্থাপনা দিৱস
-
By publisher

- Categories: News
- Tags: 40TH FOUNDATION DAYAssamBHARTIYA JANATA PARTYSarbananda Sonowal
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026