কৰ’না ভাইৰাছে একত্ৰিত কৰিছে বলীউড আৰু হলীউডক

No Priyanka Chopra in Shah Rukh Khan’s Don 3

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ এই সময়ত হলীউডৰ লগতে বলীউডৰ বিভিন্ন চেলীব্ৰেটীয়ে কৰ’না পীড়িত লোকসকললৈ আগবঢ়াইছে সহায়ৰ হাত ৷ এইবাৰ গ্ল’বেল চিটীজেন আৰু বিশ্ব স্বাস্থ্য সংস্থাই যৌথভাৱে অহা ১৮ এপ্ৰিলত অনুষ্ঠিত কৰিব এটি মনোৰঞ্জনধৰ্মী অনুষ্ঠানৰ ৷ এই অনুষ্ঠানৰ উদ্দেশ্য হ’ল কৰ’নাত আক্ৰান্ত লোকসকলৰ কাৰণে সাহাৰ্য একত্ৰিত কৰা ৷

লেডী গাগা


 

Idris Elba

আনহাতে এই অনুষ্ঠানত একত্ৰিত হ’ব হলীউড আৰু বলীউডৰ ৰথী মহাৰথীসকল ৷ জিমি ফেলন,জিমি কেমেইল আৰু ষ্টিফেন কলবাৰ্টে আঁত ধৰিব লগা এই অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব বলীউডৰ বাদশ্বাহ শ্বাহৰূখ খানে ৷ লগতে উপস্থিত থাকিব প্ৰিয়াংকা চোপ্ৰা ৷ ইয়াৰোপৰি এই অনুষ্ঠানত সংগীত পৰিবেশন কৰিব হলীউডৰ গায়িকা লেডী গাগা,এল্টন জন,ডেভিড বেকহাম,খ্ৰীছ মাৰ্টিন,ইদ্ৰিছ এলবা,কেইথ উৰ্বান আদিৰ দৰে আন্তৰাষ্ট্ৰীয় ছুপাৰষ্টাৰসকলে ৷

David Beckham
Elton John

উল্লেখযোগ্য যে ইতিমধ্যে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কৰ’না আক্ৰান্তসকলৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী পুঁজিলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে ৷ ইয়াৰোপৰি খানে সুৰক্ষা কীট,মুম্বাইৰ ৫,৫০০ পৰিয়ালক খাদ্যৰ লগতে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰিছে ৷ শ্বাহৰুখ খানৰ উপৰিও প্ৰিয়াংকা চোপ্ৰাও আন্তৰাষ্ট্ৰীয় সংস্থাৰ লগত প্ৰধানমন্ত্ৰীৰ পু্ঁজিলৈ সাহাৰ্য আগবঢ়াইছে।

 

Exit mobile version