দেশত আক্ৰান্তৰ সংখ্যা ৫,৪৭৮ জন

lav agarwal 1

দেশৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক যদিও আগৰ তুলনাত এতিয়া ভাৰতত কৰ’না সংক্ৰমনৰ হাৰ কিছু সুস্থিৰ বুলি কব পাৰি। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫,৪৭৮ জনলৈ বৃদ্ধি পাইছে আৰু মৃত্যু হৈছে ৪৭২ জনৰ। তদুপৰি এই পর্যন্ত ৪৭২ জন সুস্থ হৈ আহিছে।

ADVERTISEMENT

ইপিনে, ভাৰতীয় চিকিৎসক গৱেষণা পৰিষদ(আই চি এম আৰ)ৰ তথ্য অনুসৰি এজন ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীয়ে যদি তলাবন্ধ অথবা সামাজিক দূৰত্ব মানি নচলে তেন্তে তেঁও ৩০ দিনত ৪০৬ জন লোকক সংক্ৰমিত কৰিব পাৰিব। এই তথ্য সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য  মন্ত্ৰণালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই।

ইপিনে, বিশ্বজুৰি তাণ্ডৱ অব্যাহত ৰাখিছে কৰ’না ভাইৰাছে। হেজাৰ হেজাৰ লোকৰ মৃত্যুৰ কাৰণ হৈ পৰা কৰ’না প্ৰতিৰোধত বিগত দিনকেইটাত কিছু পৰিমাণে সফল হৈছে ইটালী। বিগত সপ্তাহত মৃত্যুৰ সংখ্যা বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছে ইটালী। তথ্য অনুযায়ী সমগ্ৰ বিশ্বত আক্ৰান্তৰ সংখ্যা ১,৪৪৬,৯৮১ আৰু মৃত্যু হৈছে প্ৰায় ৮৩,০৯০ জনৰ। আক্ৰান্তৰ তালিকাত সৰ্বাধিক স্থানত আছে আমেৰিকা। ইয়াত আক্ৰান্তৰ সংখ্যা ৪০০,৫৪৯ । ইয়াৰ পিছতে আছে স্পেইন, ইটালী আৰু জাৰ্মানী।

Exit mobile version