দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি ২৩ শতাংশ

Google

Google

কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াৰ পাছত দেশজুৰি তলাবন্ধই ভাৰতীয় অৰ্থনীতিক গভীৰভাৱে ক্ষতি কৰিছে ৷অধিকাংশ প্ৰতিষ্ঠানে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ ফলত দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰা হৈছে ৷ইতিমধ্যে নিবনুৱা সমস্যাত ককবকাই থকা দেশত তলাবন্ধৰ ফলত এপ্ৰিলৰ প্ৰথম সপ্তাহত নিবনুৱাৰ হাৰ ২৩ শতাংশ হৈছে।

চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকন’মি নামৰ মুম্বাইৰ এটা সংস্থাই এই তথ্য সদৰি কৰিছে ৷দেশত নিবনুৱাৰ হাৰ আৰু অৰ্থনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় তথ্য সংগ্ৰহ,সমীক্ষা আৰু গৱেষণা কৰে এই সংস্থাটোৱে বেচৰকাৰী সংস্থাটোৱে ফোনেৰে ৯৪২৯ জনৰ স’তে বাৰ্তালাপ কৰে ৷সেই কথোপকথনৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি যোৱা পাঁচ এপ্ৰিলত অন্ত পৰা সপ্তাহটোত নিবনুৱাৰ হাৰ আছিল ২৩.৪ শতাংশ ৷এই পৰিসংখ্যা চহৰাঞ্চলত সৰ্বাধিক ৷

চহৰাঞ্চলসমূহত নিবনুৱা বৃদ্ধি পাইছে ৩০.৯ শতাংশ ৷সংস্থাটোৰ মুৰব্বী মহেশ ব্যাসে কয় যে কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে তলাবন্ধৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তলাবন্ধৰ পৰৱৰ্তী পৰিস্থিতিৰ অধিক ভয়াৱহ হ’ব পাৰে ৷আনহাতে আন এক সংস্থাৰ ব্যাখ্যা অনুযায়ী নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত বয়সৰ ওপৰৰ কোনো লোক দৰমহাভোগী কামত বা ব্যক্তিগত উপাৰ্জন কামত নিযুক্ত হৈ নাথাকিলে তেওঁক কৰ্মহীন বা নিবনুৱা বুলি গণ্য কৰা হয় ৷চি এম আই ই নামৰ সংস্থাটোৰ মতে মাৰ্চত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে ৮.৭ শতাংশ।

বিগত জানুৱাৰীত এই সংখ্যা আছিল ৭.১৬ শতাংশ ৷চি ই আই এম নামৰ সংস্থাটোৱে বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ স’তে কৰা অনলাইন সমীক্ষাত লাভ কৰা তথ্য অনুসৰি বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ ৫২ শতাংশই পূৰ্বানুমান কৰিছে যে বৃহৎ পৰিমাণৰ কৰ্মহীনতাৰ সৃষ্টি হ’ব ৷বিভিন্ন খণ্ডৰ দুশজন মুখ্য কাৰ্যবাহী বিষয়াৰ স’তে কৰা অনলাইনৰ জৰীপৰ মতে ৪৭ শতাংশ প্ৰতিষ্ঠানৰ মুৰব্বীয়ে ১৫ শতাংশৰ চাকৰি কৰ্তন হ’ব বুলি পূৰ্বানুমান কৰিছে ৷৩২ শতাংশৰ মতে,১৫ ৰ পৰা ৩০ শতাংশই তলাবন্ধ খুলিলে চাকৰি হেৰুৱাব ৷

 

Exit mobile version