সমগ্ৰ ৰাজ্যত তলাবন্ধৰ সময়তে গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষীৰ এটা দলে গাগম ইকো নামৰ এটা দুৰ্ধৰ্ষ চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৰুণাচলী দুৰ্ধৰ্ষ গড় চিকাৰী ইকোৰ স্বীকাৰোক্তিত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ গাগম ইকোৰ স্বীকাৰোক্তিৰ ভিত্তিতে কমাৰ গাওঁ আৰক্ষীৰ এটা দলে গহপুৰৰ পূৰ্বজ্যোতি কৃষিপামত অভিযান চলাই আজি পুনৰ দেৱজিৎ গগৈ নামৰ আন এটা দুৰ্ধৰ্ষ গড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী বিষয়া চাহজাহান আলীয়ে জনোৱা মতে দেৱজিৎ গগৈ নিজেই গড় চিকাৰ কৰাৰ লগতে অৰুণাচল প্ৰদেশ,নাগালেণ্ড,মণিপুৰৰ উপৰি ম্যানমাৰ,চীন আদি দেশৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত গড়ৰ খৰ্গ বিক্ৰীৰ স’তে জড়িত এজন প্ৰভাৱশালী ব্যক্তিৰূপে পৰিচিত ৷ উল্লেখযোগ্য যে আৰক্ষীৰ জেৰাত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
পুনৰ কমাৰ গাওঁ আৰক্ষীৰ জালত পৰিল দুধৰ্ষ গড় চিকাৰী
-
By publisher

- Categories: Uncategorized
- Tags: AssamAssam PoliceGolaghatLockdown
Related Content
Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ' বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন
By
publisher
February 22, 2025
Punjab :পঞ্জাৱক বদনাম কৰাৰ চেষ্টা !
By
publisher
February 15, 2025
ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ ! তেল আমদানিত বাধা আৰোপ
By
publisher
February 8, 2025
বুধবাৰে আমেৰিকালৈ ৰাওনা হ'ব নৰেন্দ্র মোদী !
By
publisher
February 8, 2025
ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা
By
publisher
February 6, 2025
Delhi:‘ন্যূনতম সা-সুবিধা নাই দিল্লীত, বহিঃৰাজ্যলৈ গৈ লাজত পৰিব লগা হয় : বৈদেশিক মন্ত্ৰী
By
publisher
February 2, 2025