কৰ’নাৰ অভিকেন্দ্ৰ আঠগাঁও মছজিদ

Himanta Biswa Sarma on first Coronavirus case 1
সমগ্ৰ ভাৰতত ক’ভিড-১৯ সংক্ৰমণৰ অন্যতম হটস্পট ৰূৰে চিহ্নিত হোৱা দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰ সংযোগেৰে অসমৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আঠগাঁও কবৰ স্থান – মছজিদ | ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত তিনিজন লোকৰ লগত এই মছজিদটোৰ প্ৰত্যক্ষ সম্পৰ্কৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে |
আজি ইয়াত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে অসমত ক’ভিড-১৯ত আক্ৰান্তসকলৰ পূৰ্বৰ সম্পৰ্কৰ অনুসন্ধানত শেহতীয়াকৈ উন্মোচিত তথ্য অনুসৰি কাছাৰৰ জামালউদ্দিন, চাপৰৰ হাজী জামাল উদ্দিন আৰু কালি আক্ৰান্তৰূপে চিহ্নিত হোৱা ধুবুৰীৰ ৰহিম উদ্দিন নামৰ লোক তিনিজনেও যোৱা ১২ মাৰ্চৰ নিশা আঠগাঁও মছজিদত কটাইছিল | মন্ত্ৰীজনে উদ্বেগেৰে কয় যে সেইদিনা মছজিদটোত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত এশজন লোক উপস্থিত আছিল | যাৰ ভিতৰত নিজামুদ্দিনৰ তবলিগি জামাতৰ পৰা অহা কে’বাজনো লোক আছিল | ড০ শৰ্মাই কয়, ‘জামাতৰ পৰা অহাসকলৰ ভিতৰত দুজন হ’ল জামাল উদ্দিন আৰু হাজী জামাল উদ্দিন | ৰহিম উদ্দিন জামাতলৈ যোৱা নাছিল |
কিন্তু তেওঁ বৈঠকত উপস্থিত আছিল | তাত ভাগ লোৱা মানুহবোৰৰ ভিতৰত স্থানীয় লোকৰ লগতে কিছু দূৰৰ মানুহো আছিল | বৈঠকৰ নেতৃত্ব লোৱা মৰিগাঁৱৰ ভূৰাগাঁৱৰ চামছুল আলম নামৰ লোকজনৰ  পৰা বৈঠকত ভাগ লোৱা অন্য মানুহবোৰৰ তথ্য উদ্ধাৰৰ চেষ্টা অব্যাহত আছে | আমি ৫৮জনৰ তথ্য পাইছো | তেওঁলোকক বিভিন্ন ঠাইত কোৱাৰেণ্টাইনত ৰখা হৈছে |
বৰ্তমান পৰিস্থিতি চাই আঠগাঁও মছজিদটো যেন লাহে লাহে কৰ’না ভাইৰাছৰ হটস্পট (অভিকেন্দ্ৰ) লৈ গৈ আছে |’ এনে কাৰণতে আজি মছজিদটো ছীল কৰি দিয়া হয় | ইয়াৰ ফলত অন্ততঃ অহা ১৪ দিনলৈ মছজিদটোলৈ কোনো লোক যাব নোৱাৰিব  আৰু ভিতৰতে থকা লোকো বাহিৰ ওলাব নোৱাৰিব বুলি ড০ শৰ্মাই সদৰী কৰে | ভিতৰত থকা লোকসকলক প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰা হ’ব আৰু তেওঁলোকে মছজিদৰ নিত্য নৈমিত্তিক কাৰ্য সম্পাদন কৰিব পাৰিব | প্ৰসংগক্ৰমে ড০ শৰ্মাই জনাই যে ইতিমধ্যে নাম-ঠিকনা উদ্ধাৰ হোৱা লোকসকলৰ আঠজন জামাতী | তাৰে দুজন ক’ভিড-১৯ত আক্ৰান্ত হৈছে |
Exit mobile version