সুদূৰ চীনৰ পৰা প্ৰায় এমাহ ধৰি পদব্ৰজে আহি নিজ ৰাজ্যত উপস্থিত হ’ল মণিপুুৰৰ এগৰাকী যুৱতী | ২৩ বছৰীয়া যুৱতীগৰাকীক অৱশ্যে ম্যানমাৰ হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে গেপ্তাৰ কৰিছে | যোৱা ছয় এপ্ৰিলত যুৱতীগৰাকীয়ে মণিপুৰত প্ৰৱেশ কৰে বুলি মণিপুৰ আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে |
আৰক্ষী সূত্ৰই জনোৱা মতে, মণিপুৰী যুৱতীগৰাকীৰ ক’ভিড-১৯ৰ পৰীক্ষাত ‘নিগেটিভ’ পোৱা গৈছে | তৎসত্ত্বেও গ্ৰেপ্তাৰ হোৱা যুৱতীগৰাকীৰ স’তে তেওঁৰ পৰিয়ালক ১৪ দিনক কোৱাৰেণ্টাইনত ৰখা হৈছে | ৰাজ্যখনত অবৈধভাৱে প্ৰৱেশত সহায় কৰাৰ অভিযোগত যুৱতীগৰাকীৰ পৰিয়ালকো আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে | আৰক্ষী সূত্ৰই জনোৱা মতে, যুৱতীগৰাকী ইম্ফলৰ পৰা ৬৩ কিলোমিটাৰ নিলগৰ বিখ্যাত লোকটক সৰোবৰৰ সমীপৰ চূড়াচান্দপুৰৰ বাসিন্দা | যোৱা ২৮ ফেব্ৰুৱাৰীত তেওঁ ৰাজপথেৰে চীনৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছিল | প্ৰায় এমাহৰো কাল ধৰি খোজকাঢ়ি অহাৰ পাছত যোৱা ছয় এপ্ৰিলত যুৱতীগৰাকীয়ে ম্যানমাৰ সীমান্তৰে মণিপুৰত প্ৰৱেশ কৰে |
সূত্ৰটোৱে লগতে জনাই যে ২৩ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰথমে সীমান্ত চহৰ ম’ৰেহত থকা আন্তৰ্জাতিক তালাচী চকীৰে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশৰ চেষ্টা চলাইছিল | কিন্তু ভাৰতত অব্যাহত থকা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত তালাচী চকীৰ দ্বাৰ বন্ধ হৈ থকাত তেওঁ চুড়াচান্দপুৰ জিলাৰে মণিপুৰত প্ৰৱেশ কৰিবলৈ বাধ্য হয় | মণিপুৰত প্ৰৱেশৰ পূৰ্বে যুৱতীগৰাকীয়ে ঠিক কিভাৱে চীনৰ পৰা ৰাজপথলৈ খোজকাঢ়ি আহি ম্যানমাৰত উপস্থিত হ’বলৈ সক্ষম হৈছিল , সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি সূত্ৰটোৱে জনাইছে | উল্লেখ্য যে যোৱা মাহত মণিপুৰ চৰকাৰে ম্যানমাৰ সীমান্তৰ প্ৰতিটো তালাচী চকী ছীল কৰাৰ লগতে আন্তৰ্জাতিক সীমান্তত মানুহৰ চাল-চলনো বন্ধ কৰিছিল |