তবলিগি জামাতৰ এবছৰীয়া ব্ৰত ধাৰণ কৰি কৰ’নাত আক্ৰান্ত নগাঁৱৰ এজন জামাতীয়ে মহাৰাষ্ট্ৰত বাচি ল’লে আত্মহত্যাৰ পথ

তবলিগি জামাতৰ এবছৰীয়া ব্ৰত ধাৰণ কৰি ২০১৯ৰ জুন মাহতে নগাঁৱৰ জিলাৰ পৰা যোৱা জহিৰুল ইছলাম নামৰ যুৱকজনে অৱশেষত বাচি ল’লে আত্মহত্যাৰ পথ| দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগি জামাতৰ অংশ লৈ কৰ’নাত আক্ৰান্তৰ হোৱা পাছতে মহাৰাষ্ট্ৰত চিকিৎসাধীন অৱস্থাত কোৱাৰেণ্টাইন কক্ষৰ শৌচাগাৰতে ব্লেডেৰে ডিঙিত আঘাট কৰি আত্মহত্যা কৰে |
উল্লেখ্য যে ৰাজ্যখনৰ কোটৱালী আৰক্ষী থানাৰ অকলা নগৰীৰ এটা মছজিদত আশ্ৰয় গ্ৰহণ কৰি থকাৰ অৱস্থাত মহাৰাষ্ট্ৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আইচলেচন কক্ষত চিকিৎসাধীন যুৱকজনৰ দেহত শুক্ৰবাৰে   কৰ’না ভাইৰাছৰ উপস্থিত  ধৰা পৰাৰ পাছতে শনিবাৰে পুৱা পাঁচ বজাত  আত্মহত্যাৰ পথ বাচি লয় |  উল্লেখ্য যে নগাঁৱৰ ৰুপহীহাটৰ শিঙিমাৰীৰ যুৱকজনে মাৰ্চত নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগি জামাতত অংশ লৈ দহ জামাতীৰ স’তে মহাৰাষ্ট্ৰলৈ গৈছিল |
Exit mobile version