তলাবন্ধৰ মাজতে অনুমতি প্ৰশাসনৰ

tea garden
কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ মাজতে ৰাজ্যৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহত পৰ্যায়ক্ৰমে আৰম্ভ হ’ব উৎপাদন প্ৰক্ৰিয়া ৷কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চাহ নিগমে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মৰ আধাৰত প্ৰশাসনৰ অনুমতি সাপেক্ষে চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহত ৫০ শতাংশ শ্ৰমিক নিয়োগেৰে উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিব মালিকপক্ষই ৷কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শ্ৰমিক কৰ্মচাৰীসকলে সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি মানি চলিবলগীয়া সকলো নীতি নিৰ্দেশনা মানি চলাটো মালিক পক্ষই নিশ্চিত কৰিব ৷
ইয়াৰ বাবে নৰ্থ ইষ্টাৰ্ণ টি এছ’চিয়েছন ইতিমধ্যে প্ৰস্তুত কৰিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ৷দৈনিক অগ্ৰদূতৰ  আগত এই কথা অৱগত কৰি নৰ্থ ইষ্টাৰ্ণ টি এছোছিয়েশ্যনৰ উপদেষ্টা বিদ্যাধৰ বৰকটকীয়ে কয় যে কৰ’না ভাইৰাছত সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থতে দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহত উৎপাদন প্ৰক্ৰিয়া বন্ধ হৈ আছে ।ইয়াকে লৈ চাহ উদ্যোগৰ ধাৰাবাহিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে বুলি চাহ গৱেষকসকলে আশংকা ব্যক্ত কৰাৰ পাছতে যোৱা তিনি এপ্ৰিলত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে তলাবন্ধৰ সময়ছোৱাত ৫০ শতাংশ শ্ৰমিক কৰ্মচাৰী নিয়োগেৰে চাহ উৎপাদনৰ অনুমতি প্ৰদান কৰে ৷
আনহাতে যোৰহাট আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত থকা চাহ বাগিচা,ক্ষুদ্ৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহত উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি কয় বিদ্যাধৰ বৰকটকীয়ে ।একেদৰে অহা ১৩ ফ্ৰেব্ৰুৱাৰীত গোলাঘাট ,নগাঁও জিলাৰ চাহ বাগিচা আৰু বটলিফ ফ্ৰেক্টৰীসমূহত উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ।সেইদৰে ওডালগুৰি,দৰং,শোণিতপুৰ জিলাৰ ক্ষেত্ৰত দুই এপ্ৰিলৰ ভিতৰতে প্ৰয়োজনীয় নিৰ্দেশনা লাভ কৰাৰ সম্ভাৱনা আছে ৷উল্লেখযোগ্য যে নৰ্থ ইষ্টাৰ্ণ টি এছ’চিয়েছনে যুগুত কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ শ্ৰমিক কৰ্মচাৰীসকলে বাধ্যতামূলকভাৱে মানি চলিব লাগিব ৷বিশেষকৈ কামৰ বাবে ওলাই অহা শ্ৰমিকসকলে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ৷
ইয়াৰ বাবে শ্ৰমিকসকলে কাম আৰম্ভ কৰাৰ পূৰ্বে একগোট হ’ব নোৱাৰিব ৷লগতে যিসকল শ্ৰমিকে কাম কৰাৰ বাবে ওলাই আহিব ৷সেইসকল শ্ৰমিকে ভ্ৰমণ বৃত্তান্তৰ পৰা আৰম্ভ কৰি নিজৰ স্বাস্থ্য সন্দৰ্ভত স্বঘোষণা কৰিব লাগিব ৷বিশেষকৈ নিজৰ লগতে পৰিয়ালৰ আন সদস্যৰ গাত ক’ভিড১৯ ৰ লক্ষণ ফুটি উঠিছে নে নাই সেয়া প্ৰত্যেকজন শ্ৰমিকে কামত যোগদান কৰাৰ পূৰ্বে নিশ্চিত কৰিব লাগিব। তদুপৰি প্ৰতিজন শ্ৰমিক কৰ্মচাৰীয়ে বাধ্যতামূলকভাৱে মাস্ক,টুপী পৰিধান কৰাৰ উপৰিও নিজে চাবোনেৰে হাত ধুব লাগিব ।অৱশ্যে শ্ৰমিকসকলৰ মাজত সামাজিক দূৰত্ব অধিক ফলপ্ৰসূ কৰাৰ বাবে প্ৰতি দুদিনৰ অন্তৰে অন্তৰে দৈনিক মজুৰি আৰু ৰেচন আদায় দিয়াৰ ব্যৱস্থা কৰা বুলি তেওঁ জনায় ।চাহ বাগিচা,ক্ষুদ্ৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীত কৰ্মৰত প্ৰতিজন শ্ৰমিক কৰ্মচাৰীৰ ক্ষেত্ৰতে এই এছ অ’ পি প্ৰযোজ্য হ’ব বুলি বৰকটকীয়ে উল্লেখ কৰে ৷
Exit mobile version