ধুবুৰীত দ্বিতীয়জন আক্ৰান্তক লৈ সৃষ্টি আতংকৰ

Corona1 1584416926440
ধুবুৰীৰ দ্বিতীয়জন লোকৰ শৰীৰত ক’ভিড ১৯ ভাইৰাছ ধৰা পৰাৰ পাছতে জিলাখনত আতংকৰ সৃষ্টি হৈছে ।কিয়নো বিলাসীপাৰাৰ হাকামা প্ৰথমখণ্ড গাঁৱৰ বাসিন্দা ৰহিম উদ্দিনৰ শৰীৰলৈ এই ভাইৰাছৰ সংক্ৰমণ জিলাখনৰ প্ৰথমজন আক্ৰান্ত জামাল উদ্দিনৰ পৰা হৈছিল ৷আনহাতে ইতিমধ্যে বিগত দিনকেইটাত জামাল উদ্দিনৰ সংস্পৰ্শলৈ আহিছে আন বহু লোক ৷সেয়েহে ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে ৷
উল্লেখযোগ্য যে ৰহিম উদ্দিনসহ তেওঁৰ পৰিয়ালৰ লোকসকলক বিলাসীপাৰাৰ বৰকান্দা বিদ্যালয়ত আছুতীয়াকৈ ৰখা হৈছিল ।তাৰ মাজতে ৰহিম উদ্দিন ভাইৰাছত আক্ৰান্ত হোৱাতো নিশ্চিত হয় ৷অৱশ্যে আছুতীয়াকৈ ৰখা আন ১০ জন লোকৰ নমুনাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আছিল ৷ৰহিম উদ্দিন আক্ৰান্ত হোৱা বুলি ঘোষণাৰ পাছতে তেওঁক ১০৮ মৃত্যুঞ্জয় সেৱাৰে নিশা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰৰ হয়। আনহাতে জিলা প্ৰশাসনে হাকামা প্ৰথম খণ্ড গাঁৱৰে পৰা তিনি কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ সমগ্ৰ অঞ্চলটো ছীল কৰি দিয়ে।
ইপিনে ধুবুৰী আৰক্ষীয়ে নিজামুদ্দিন মাৰ্কাজৰ পৰা অহাৰ সন্দেহত ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত চতলাৰ পাৰ গাঁৱৰ জাকাৰিয়া ইছলাম নামৰ এজন লোকক আটক কৰে ৷আৰক্ষীয়ে লোকজনে জামাতৰ পৰা অহা তথ্য লুকুওৱা বুলি দাবী কৰে ।আনহাতে আটকাধীন জাকাৰিয়াই তছেৰ উদ্দিন সম্পৰ্কত তেওঁৰ বাবে কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰে ৷সেই সূত্ৰে তেওঁক ধুবুৰীস্থিত গুৰু টেগ বাহাদুৰ টেম্পলৰ এটা কোঠাত ৰখা হৈছে। আৰক্ষীয়ে সোধ পো অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ক’ভিড১৯ ত চাপৰৰ জামাল উদ্দিন নামৰ লোকজন  আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বইটামাৰী ৰাজহ চক্ৰৰ অধীনত তিনিখন ৰাজহ গাঁও জিলা প্ৰশাসনে ছীল কৰিছে ৷
Exit mobile version