প্ৰসংগঃকৰ’না ভাইৰাছ

1 image Coronavirus MERS CoV
কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ কাৰণে ৰাজ্যবাসীৰ লগতে বহিঃৰাজ্যত থকা লোকসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে ।চিৰাং জিলাৰ পৰা তামিলনাডুৰ চেন্নাইৰ কাঞ্চিপুৰম জিলাৰ বালাপুৰামত কোম্পানীৰ কাম কৰিবলৈ গৈ আৱদ্ধ হৈ আছে ২৪ জন লোক ৷তলাবন্ধৰ কাৰণে ২৪ মাৰ্চৰ পৰা আৱদ্ধ হৈ থাকিও তেওঁলোকে চৰকাৰৰ পৰা কোনো সহায় নোপোৱাত সম্প্ৰতি লোকসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে সাচতীয়া সকলো ধন শেষ হোৱাৰ কাৰণে বিগত সময়ত অনাহাৰে থকা এই শ্ৰমিকসকলে কেন্দ্ৰ,অসম আৰু তামিলনাডু চৰকাৰৰ ওচৰত সহায়ৰ কাৰণে আবেদন জনাইছে। শ্ৰমিক কেইজনক ৯০২৫২১১৬৩৪ আৰু ৬৩৮০৮৪২৯৫৮ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷
ADVERTISEMENT
Exit mobile version