ৰাজ্যত বিভিন্ন স্থানত আঠগাঁও মছজিদত নিশা যাপন কৰা লোকক কোৱাৰেন্টাইনলৈ প্ৰেৰণ

home quarentine 20200319035010
বিশ্বত এতিয়া ক’ভিড১৯ নে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দেশত এই মহামাৰী সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ঘোষণা কৰা তলাবন্ধৰ সময়ত চৰকাৰে বিভিন্ন স্থানত আত্মগোপন কৰি থকা ক’ভিড ১৯ ত আক্ৰান্ত ৰোগীৰ বিচৰণস্থলীৰ সমূহ চিনাক্ত কৰি সেইসমূহ স্থানত পৰিভ্ৰমণ কৰা লোকসকলক ওলাই আহি স্বাস্থ্য পৰীক্ষা কৰাৰ পৰা বিৰত থাকি আত্মগোপন কৰি আছে ৷আজি সমগ্ৰ তিনিচুকীয়া জিলাখনৰ বিভিন্ন স্থানৰ পৰা মুঠ ১২ জনকৈ তেনে লোকক প্ৰশাসনৰ তৎপৰতাত কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰে ৷লোককেইজন তিনিচুকীয়াৰ হিজুগুৰি,মাকুম,ডুমডুমা,বৰহাপজান,লোহাৰী কছাৰী গাঁও,মাৰ্ঘেৰিটা,ডিগবৈ,লিডু,শদিয়া আদি বিভিন্ন প্ৰান্তৰৰ ৷আৰু এই আটাইকেইজন লোক গুৱাহাটীৰ আঠগাঁওস্থিত মছজিদত নিশা যাপন কৰিছিল। সেয়েহে তিনিচুকীয়া জিলা প্ৰশাসনে আটাইকেইজন লোকক ম’হকোলী চিকিৎসাস্থলীৰ কোৱাৰেন্টাইন শিবিৰলৈ প্ৰেৰণ কৰে ৷
গুৱাহাটীৰ আঠগাঁও মছজিদ ক’ভিড’১৯ সংক্ৰমণৰ হটস্পটলৈ পৰ্যবেশিত হোৱাৰ বাবে চীল কৰাৰ পাছত মেৰাপানীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ ব্যক্তিক কোৱাৰেন্টাইনত ৰখা হৈছে ৷ ইয়াৰ ভিতৰত মেৰাপানীৰ দুজন ব্যক্তিয়ে এই মছজিদত অংশগ্ৰহণ কৰা বুলি তথ্য পোহৰলৈ আহিছে। কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ সৈতে একেলগে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বিষয়ে জানিব পাৰি মেৰাপানীৰ ব্যক্তি দুজনে স্বাস্থ্য বিভাগৰ সৈতে নিজেই যোগাযোগ কৰে ৷ এই ব্যক্তিদুজনৰ এজন মেৰাপানী ফৰেষ্ট ব্লক আৰু আনজন ইচলামপুৰৰ নিবাসী৷
ইতিমধ্যে স্বাস্থ্য আৰু আৰক্ষী বিভাগে দুয়োজন ব্যক্তিকে এম্বুলেন্সযোগে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে । ইফালে শিৱসাগৰৰ আঠজন আৰু দেৰগাঁৱৰ এজন ব্যক্তিকো গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে দেৰগাঁও নগৰৰ মাজমজিয়াৰ চৰাফট আলিয়ে আঠগাঁও মছজিদৰ তবলিগি জামাতত অংশগ্ৰহণ কৰিছিল ৷ আনহাতে স্বাস্থ্য পৰীক্ষাৰ অন্ততহে লোককেইজন ক’ভিড ১৯ ত আক্ৰান্ত হয় নে নহয় পোহৰলৈ আহিব যদিও সমগ্ৰ ৰাজ্যত এই লোককেইজনৰ প্ৰসংগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ চৰকাৰৰ বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো এই লোকসকলে আত্মগোপন কৰি সন্দৰ্ভত প্ৰশাসনে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যণীয় ৷
Exit mobile version