মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে ৷এক প্ৰেছ বিবৃত্তি যোগে মুখ্যমন্ত্ৰী সোনোৱালে কয় সমূহ অসমবাসীক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষই নিজকে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে সংকল্পবদ্ধ হ’বলৈ নতুন প্ৰেৰণা প্ৰদান কৰিব ৷ কৰ’না ভাইৰাছৰ কাৰণে ৰাজ্যৰ জনগণে প্ৰথমবাৰৰ কাৰণে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা অবিহনে উদযাপন কৰিব লগা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা তলাবন্ধ সকলোৱে মানি চলি জনসাধাৰণে সামাজিক ব্যৱধানৰ নীতি নিয়ম মানি চলি ৰঙালী বিহু উদযাপন কৰিব লাগিব ৷লগতে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে ৰঙালী বিহুত সকলোকে একত্ৰিত হ’বলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷সেয়েহে জনসাধাৰণে এই সময়খিনিত সংযম,ধৈৰ্য,অনুশাসন,স্বাস্থ্যসন্মত বিধি বিধান মানি চলাৰ সংকল্পৰে সমগ্ৰ মানৱ সমাজে সন্মুখীন হোৱা জটিল পৰিস্থিতি আঁতৰাব লাগে বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্তব্য কৰে ৷
ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অসমবাসীলৈ শুভেচ্ছা
-
By publisher

ADVERTISEMENT
- Categories: News
- Tags: Chief MinisterSarbananda Sonowal
Related Content
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
By
publisher
May 12, 2025