ৰাজ্যত পুনৰ ১৩ এপ্ৰিলৰ পৰা খোলা হ’ব সুৰাৰ বিপণীসমূহ ৷ পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈকে খোলা থাকিব সুৰাৰ বিপণীসমূহ ৷ইফালে চৰকাৰৰ নিৰ্দেশানুযায়ী সামাজিক ব্যৱধান মানি চলিহে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব সুৰা ৷ আনহাতে সুৰাৰ বিপনীসমূহত থাকিব লাগিব হেণ্ড ছেনিটাইজাৰ৷বিপনীসমূহত কৰ্মৰত লোকসকলে গ্ৰাহকক সুৰাৰ বটল,ধন আদান প্ৰদান কৰোতে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব ৷ লগতে সুৰা বিপণীসমূহত কৰ্মৰতসকলৰ প্ৰতিও বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান কৰিছে প্ৰশাসনে। বিপনীসমূহত কেৱল সুবিধা অনুযায়ীহে সীমিত সংখ্যক বিক্ৰেতাইহে কাম কৰিব পাৰিব ৷ উল্লেখযোগ্য যে কৰ’না ভাইৰাচক প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ২৪ মাৰ্চৰ পৰা দিয়া তলাবন্ধৰ কাৰণে ৰাজ্যৰ সুৰাৰ বিপনীসমূহ বন্ধ হৈ আছিল ৷
ৰাজ্যত ১৩ এপ্ৰিলৰ পৰা খোলা হ’ব সুৰাৰ বিপনী
-
By publisher
- Categories: News
- Tags: Assam Government
Related Content
Road accident: এল্ট’ আৰু মালবাহী টাটা ডি আইৰ মাজত মুখামুখি সংঘৰ্ষ...
By
publisher
January 19, 2025
STF raid: পুনৰ STFৰ অভিযানত সন্দেহযুক্ত জেহাদী আটক
By
publisher
January 19, 2025
Today Print Edition Dainik Agradoot:19 January’25
By
publisher
January 19, 2025
বন্ধু বা বান্ধৱীৰ প্ৰেমত পৰিও মনৰ কথা ক’ব পৰা নাই নেকি ? তেনেহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে
By
publisher
January 19, 2025
Pijush Hazarika:গুৱাহাটীত বান-খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুয হাজৰিকাৰ
By
publisher
January 18, 2025