আজি পহিলা ব’হাগ | অসমীয়াৰ বাপতিসাহোন এই ব’হাগ বিহুত ৰাজ্যত নাই উচ্ছাসৰ ধল | কাৰণ সৰ্বত্ৰে কৰ’না আতংক | ৰাজ্যবাসীক সুৰক্ষিত কৰাৰ লক্ষ্যৰে অহৰ্নিশে সেৱা অব্যাহত ৰখা যোদ্ধসকলৰ মনোবল বৃদ্ধি আৰু সুৰক্ষিত ৰখাৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিঘৰ লোকে পহিলা ব’হাগৰ দিনটোত সন্ধিয়া চাকি জ্বলাই প্ৰাৰ্থনা কৰে | ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এগছি বন্তি প্ৰজ্বলন কৰি কয় যে অসমবাসীৰ আশা আৰু বিশ্বাসৰ প্ৰতীক- ঘৰে ঘৰে প্ৰজ্বলিত এই মংগল প্ৰদীপ | তেওঁ কয়, “ৰঙালী বিহুৰ এই পৱিত্ৰ সন্ধিয়াত আমাৰ সুৰক্ষাৰ বাবেই দিনে-নিশাই নিয়োজিত প্ৰতিগৰাকী “কৰ’না যোদ্ধা”ৰ মংগল কামনাৰে এগছি বন্তি প্ৰজ্বলন কৰিলোঁ। এই বন্তিৰ শিখাই সকলো নিৰাশা আঁতৰাই অসমবাসীৰ লগতে দেশবাসীলৈ কঢ়িয়াই আনিব আশাৰ নতুন পোহৰ।”
অসমবাসীৰ আশা আৰু বিশ্বাসৰ প্ৰতীক ঘৰে ঘৰে প্ৰজ্বলিত এই মংগল প্ৰদীপ : মুখ্যমন্ত্ৰী
-
By publisher
- Categories: News
- Tags: AssamASSAM FIGHTS CORONAChief MinisterSarbananda Sonowal
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025