ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি

IMG 20200414 WA0203

অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পালে| এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মঙ্গলবাৰে নিশা কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা মহিলাগৰাকী হৈছে ধুবুৰীৰ। মন্ত্ৰী ড০ শৰ্মাই এই সংক্ৰান্তত উল্লেখ কৰে যে ধুবুৰীৰ এগৰাকী মহিলা ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এই মহিলা গৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু গুৱাহাটীৰ আঠগাঁৱৰ কৱৰস্থান মছজিদৰ সমাৱেশত অংশ লৈ ইতিমধ্যে কোভিড-১৯ত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিৰ পত্নী ৷ইয়াৰ ফলত অসমত এনে ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি হ’ল ৷

Exit mobile version