মুম্বাইৰ বান্দ্ৰাৰ পৰিস্থিতিৰ সন্দৰ্ভত ভিডিঅ’ দি আৰক্ষীৰ ৰোষত বিনয় ডুবে

Vinay Dubey

কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ সময়তে মংগলবাৰে মুম্বাইত হোৱা দিল্লী সদৃশ পৰিস্থিতিৰ কাৰণে আৰক্ষীৰ ৰোষত পৰিছে মু্ম্বাইৰ এটি এন জি অ’ৰ সঞ্চালক বিনয় ডুবে  ৷ কাৰণ বিনয় ডুবেই বিগত সময়ত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহিঃৰাজ্যৰ মজদুৰসকলক উদ্দেশ্যি “চলো ঘৰ কী অৌৰ” নামৰ এটা অভিযান আৰম্ভ কৰিছিল ৷ লগতে এটি ভিডিঅ’ও শ্বেয়াৰ কৰিছিল ৷ ভিডিঅ’টোত বিনয় ডুবেই চৰকাৰক বহিঃৰাজ্যৰ মজদুৰসকলৰ কাৰণে বাহনৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে । লগতে কয় যে মজদুৰসকলৰ ইয়াত ভোকতে মৃত্যু হ’ব ৷ এবাৰ নিজৰ ৰাজ্যত মজদূৰসকল উপস্থিত হ’লে কোৱাৰেন্টাইনত থাকিব তেওঁলোক ৷ আমি ১৪ আৰু ১৫ এপ্ৰিল দুদিনহে অপেক্ষা কৰিম ৷যদি চৰকাৰে আমাৰ দাবী মানি নলয় মই, বিনয় ডুবে মজদূৰসকলক লগত লৈ পদযাত্ৰা আৰম্ভ কৰিম ৷

ইয়াৰ পিছতে বুধবাৰে মুম্বাইৰ আৰক্ষীয়ে সোধ পোচ কৰে বিনয় ডুবেক ৷ ছ’চিয়েল মিডিয়াত বিনয় ডুৱেই নিজকে সমাজসেৱক ৰূপত পৰিচয় দিছে ৷ তেওঁ মহাৰাষ্ট্ৰৰ আৱদ্ধ হৈ থকা মজদুৰসকল নিজৰ ৰাজ্যত উপস্থিত হ’বৰ কাৰণে ৪০ খন বাছৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক উদ্দেশ্যি ফেচবুক আৰু টুইটাৰত প’ষ্ট দিছিল ৷ আৰু ভিডিঅ’টোত উল্লেখ কৰিছিল যে বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ আদিৰ মজদুৰসকলৰ কাৰণে ব্যৱস্থা কৰা বাছসমূহ হ’ব সম্পূৰ্ণ বিনামূলীয়া ৷ বিনয় দুবেৰ এই ভিডিঅ’টোক বহু লোকেই ইতিমধ্যে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷

উল্লেখযোগ্য যে  মংগলবাৰে মুম্বাইৰ বান্দ্ৰাত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা তলাবন্ধ শেষ হোৱাৰ পিছতে বহিঃৰাজ্যৰ শ্ৰমিকে ভিৰ কৰেহি ৷ এফালে কৰ’না ভাইৰাছৰ ত্ৰাস আনফালে এই মজদুৰসকলে বান্দ্ৰাত যি পৰিস্থিতিৰ সৃষ্টি কৰিলে তাক লৈ চিন্তিত হৈ পৰে দেশৰ জনসাধাৰণৰ লগতে ৰাজনৈতিক মহল ৷ আনহাতে এই পৰ্যন্ত ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১১,৬৩৭ ৷ মৃত্যুৰ সংখ্যা ৩৯৮ ৷ ইপিনে সৰ্বাধিক কৰ’না ভাইৰাছত  আক্ৰান্তৰ ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰত কৰ’নাত ২৬৮৪ জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৭৮ জন ৷

Exit mobile version