কৰ’নাৰ আতংকৰ মাজতে এক কৰুণ ঘটনা সংঘটিত হ’ল হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত কাকী টঙীয়াত । বন্ধৰ মাজতে হোজাইৰ নীলৱাগান সদৰগাঁৱৰ পৰা কাকীলৈ গৈছিল আব্দুল হক নামৰ প্ৰায় ৪০ বছৰীয়া লোকজন। মুৰ্গীৰ ব্যৱসায় কৰা লোকজনে তলাবন্ধৰ নিয়ম ভংগ কৰি মুৰ্গী বিক্ৰী কৰিবলৈ যাওঁতেই আৰক্ষীৰ সন্মুখীন হয় । আৰক্ষীক দেখিয়েই আব্দুল হকে নিজৰ এ এচ ৩১ ০৩১৫ নম্বৰৰ মটৰ চাইকেলেৰে তীব্ৰ গতিত পলায়ন কৰাৰ চেষ্টা কৰাত আৰক্ষীয়ে পিছে পিছে খেদি যায় লোকজনক। দ্ৰুতগতিত পলায়ন কৰোতেই এজোপা গছত খুন্দা মাৰি থিতাতে নিহত হয় লোকজন। ইয়াৰ পিছতেই লগে লগে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীৰ পহু খেদাত পলায়ন কৰোতে দুৰ্ঘটনাত প্ৰাণ গ’ল ক্ষুদ্র ব্যৱসায়ীৰ
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGANIST COVID-19
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025