গুৱাহাটী: দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত শিক্ষা বৰ্ষৰ সমাগত গ্ৰীষ্ম বন্ধ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জি ইউ/পঞ্জীয়ক/(এছএফ)/২০২০ নম্বৰৰ এক নিৰ্দেশনাযোগে অহা পহিলা জুলাইৰ পৰা হ’বলগীয়া গ্ৰীষ্ম বন্ধ বাতিল কৰে । লগতে উক্ত সময়ছোৱাত পূৰ্ণকালীন পাঠদান হ’ব বুলি উক্ত নিৰ্দেশনাত উল্লেখ কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হ’ব । এই নিৰ্দেশনাৰ প্ৰতিলিপি বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ ডীন, শ্ৰেণীসমূহৰ সচিব,মূৰব্বী অধ্যাপক,পৰীক্ষা নিয়ন্ত্ৰক, শৈক্ষিক পঞ্জীয়ক, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অধ্যক্ষ, যুটীয়া পঞ্জীয়ক, উপ পঞ্জীয়ক, উপাচাৰ্যৰ সচিবকে প্ৰমুখ্য কৰি সংশ্লিষ্টসকললৈ প্ৰেৰণ কৰা বুলি নিৰ্দেশনাত উল্লেখ ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰীষ্ম বন্ধ বাতিল
-
By publisher

- Categories: COVID-19, Education, News
- Tags: AssamGUWAHATI ASSAMGuwahati University
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025