পলাশবাৰীৰ বৰটাৰীত চাৰিশৰো অধিক কৃষক 

CHAYGAON BANANA

তলাবন্ধৰ সময়ত একাংশ খেতিয়কৰ উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰি পানীত হাঁহ নচৰা অৱস্থা হৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ নৈ পৰীয়া বৃহত্তৰ বৰটাৰী অঞ্চলত হেজাৰ হেজাৰ বিঘা ভূমিত মালভোগ কলৰ খেতি কৰা শতাধিক কৃষকে উৎপাদিত কলসমূহ বিক্ৰী কৰিব নোৱাৰি এতিয়া হাহাঁকাৰ পৰিস্থিতি সৃষ্টি হৈছে । কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে সম্প্ৰতি কলসমূহ গছতে পকিবলৈ ধৰি গছতে চৰাই চিৰিকতিয়ে খাইছে । তলাবন্ধৰ কাৰণে বজাৰসমূহ বন্ধ হোৱাৰ কাৰণে মালভোগ কলসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান কৰিছে কৃষকসকলে ৷

যিটো সময়ত বৰটাৰী অঞ্চলৰ কলে গুৱাহাটীৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে সুদূৰ ডুবাইলৈ উৰা জাহাজেৰে কল ৰপ্তানি কৰি বজাৰ দখল কৰিছিল সেই সময়তে এতিয়া এই খেতিয়কসকলৰ ভয়াৱহ অৱস্থাই চিন্তিত কৰিছে ৰাইজক। আনহাতে কলৰ খেতিৰ লগতে অন্যান্য খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰা অঞ্চলটোত সম্প্ৰতি কৃষকসকলৰ নাজলনাথল অৱস্থা হৈছে। উল্লেখযোগ্য যে সমষ্টিটোৰ বিধায়ক প্ৰণৱ কলিতাই কৰ’না ভাইৰাছৰ এই জটিল সন্ধিক্ষণত খবৰ নোলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত । আনহাতে উৎপাদনৰ সময়ত এইসকল খেতিয়কৰ কলবোৰ যাতে বিক্ৰীৰ অভাৱত পকি সৰি নাযায় তাৰ ব্যৱস্থা কৰিবলৈ কৃষিমন্ত্ৰী অতুল বৰাক আহ্বান জনাইছে কৃষকসকলে ৷

 

Exit mobile version