কৰ’নাৰ বাবে ৰাজ্যত বাতিল হৈছে ইখনৰ পিছত সিখন বিয়া,তলাবন্ধ খুলিলেও বিয়াৰ বাবে পৰিবেশ স্বাভাৱিক হোৱাৰ আশা ক্ষীণ

Google

Google

পৰম্পৰা অনুসৰি অসমীয়া সমাজত প্ৰতিবছৰে বহাগ, জেঠ, আহাৰ, শাওন, আঘোণ, মাঘ আৰু ফাগুন মাহত সম্পাদন হয় বিবাহ কাৰ্য। পঞ্জিকাৰ গণনা অনুসৰি চলিত বৰ্ষত ৫৮ টা বিয়াৰ দিন আছে। কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বহু পৰিয়ালে ইতিপূৰ্বে বিয়াৰ বাবে ঠিক কৰা দিন বাৰ বাতিল কৰিবলৈ বাধ্য হৈ পৰিছে। বিশেষকৈ, দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ বাবে দিনবোৰ ঠিক কৰিও মূৰকত বিবাহ পূৰ্বে বাতিল কৰিছে সংশ্লিষ্ট পৰিয়ালসমূহে। ইয়াকে লৈ বিভিন্ন পৰিয়ালত বৃদ্ধি পাইছে দুঃশ্চিন্তা।
এনে এক পৰিপ্ৰেক্ষিততে চলিত বৰ্ষত বিবাহ কার্য সম্পাদনৰ বাবে উত্তৰায়নলৈকে অপেক্ষা কৰাটো অতি উত্তম বুলি উল্লেখ কৰে ৰাজ জ্যোতিষী পুলিন্দ্ৰ দেৱ শৰ্মাই। লগতে তেওঁ কয় যে, পঞ্জিকা গণনা অনুসৰি চলিত বৰ্ষত ৫৮ টা বিয়াৰ দিন আছে। ইয়াৰ ভিতৰত ব’হাগত ৯ দিন, জেঠত ৯ দিন , আহাৰত ৬ দিন, মাঘত ৯ দিন আৰু ফাগুনত ৯ দিন। পঞ্জিকা গণনা অনুসৰি চলিত বৰ্ষৰ আহিন মাহ মলমাহ হিচাপে চিহ্নিত হৈছে। ইয়াৰ বাবে আহিন মাহত কোনো বিবাহৰ দিন নাই।
অন্যহাতে, অহা ৩ মে’ পর্যন্ত অৰ্থাৎ ২০ ব’হাগলৈ তলাবন্ধৰ বাবে বিবাহ কার্য সম্পাদন হোৱাৰ কোনো সুবিধা নাই। চলিত ব’হাগত বিয়াৰ বাবে চাৰিটা দিন বাকী থাকিব যদিও ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি স্বাভাৱিক হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। কেৱল ব’হাগতে নহয়, জেঠ মাহত থকা দিন বাৰতো বিবাহ কার্যৰ বাবে উপযোগী হ’ব নে নহয় , সেয়া এই মুহূৰ্তত ধাৰণা কৰিব পৰা নাযায়। লগতে আহাৰ-শাওনতো বিয়াৰ দিন আছে কিন্তু ভৰ বাৰিষাৰ বাবে আহাৰ-শাওনৰ দিন বাৰ থাকিলেও ৰাজ্যত তুলনামূলকভাৱে কমকৈ সম্পাদন হয় বিবাহ কার্য।
ইয়াৰ বাবে বিবাহ কাৰ্য সম্পাদন কৰিব বিচৰা পৰিয়ালসমূহে উত্তৰায়নৰ সময়লৈকে অপেক্ষা কৰাটো অতি উত্তম । গণনা অনুসৰি দ্ৰাঘিমা ৰেখাৰ ২৭০ ডিগ্ৰীৰ পৰা ৩৩০ ডিগ্ৰীলৈকে সূৰ্য্যই অৱস্থান কৰা সময়লৈকে উত্তৰায়নৰ সময় হিচাপে গণ্য কৰা হয়। ইয়াৰ বাবে বিবাহ কাৰ্যৰ বাবে মাঘ-ফাগুন অতি উত্তম। চলিত বৰ্ষৰ মাঘত ৯ দিন আৰু ফাগুনতো ৯ দিনসহ  মুঠ ১৮ টা বিয়াৰ দিন আছে। তেতিয়ালৈকে বিয়াৰ পৰিৱেশো স্বাভাৱিক হোৱাৰ সম্ভাৱনা থকা বুলি শৰ্মাই কয়।
Exit mobile version